সন্তানৰ মানসিক চাপ– কেনেকৈ জানিব?

0
1222


আপোনাৰ সন্তানটিৰ মানসিক স্বাস্থ্য সিমানেই গুৰুত্বপূৰ্ণ, যিমান তেওঁলোকৰ শাৰীৰিক স্বাস্থ্য৷ দৈনিক তেওঁলোকে নিজৰ পঢ়া-শুনাৰ লগতে বিভিন্ন প্ৰতিযোগিতা, ঘৰুৱা সমস্যা, স্ত্ৰেচ আদিৰ সৈতে কেনেদৰে সন্মুখীন হৈছে, এই গোটেইখিনিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়৷ গৱেষণা অনুসৰি প্ৰত্যেক পাঁচগৰাকী শিশুৰ ভিতৰত এগৰাকীয়ে মানসিক অসুস্থতাত ভোগে৷ যদিও সকলো মানসিক চাপক বাধা দিব নোৱাৰি, তথাপি আপুনি তেওঁলোকৰ প্ৰয়োজনীয় যতনসমূহ লৈ যিমানদূৰ সম্ভৱ তেওঁলোকক মানসিক চাপমুক্ত কৰি ৰাখিব পাৰে৷

(১) অধিকাংশ মানসিক সমস্যা স্বাস্থ্যসন্মত লাইফষ্টাইল নোহোৱাৰ ফলত হয়৷ সুষম আহাৰ, ভাল টোপনি আৰু দৈনিক ব্যায়ামে মানসিকভাৱে সুস্থ কৰাৰ লগতে মন-মগজু শান্ত কৰি ৰাখে৷

Yoga Benefits & Easy to do Poses for Children


(২) লক্ষ্য কৰক যে আপোনাৰ শিশুৰ আচাৰ-ব্যৱহাৰৰ কিবা পৰিৱৰ্তন হৈছে নেকি? যদি তেনেকুৱা হৈছে তেন্তে ধৰি ল’ব যে তেওঁলোকৰ লগত কিবা অনুচিত হৈছে৷ তেনে অৱস্থাত তেওঁলোকক গালি-শপনি পৰাতকৈ সহায়ৰ হাত আগবঢ়াওক৷

5 signs that show your child may be suffering from mental health issues | The Times of India


(৩) সন্তানৰ বিশ্বাস জয় কৰিবলৈ তেওঁলোকৰ কথা শুনক৷ তেওঁলোকৰ কঠিন সময়ত বিশ্বাস দিয়ক যে আপুনি আপোনাৰ সন্তানটিক কিমান ভাল পায় আৰু তেওঁলোকৰ বিপদৰ পৰা ৰক্ষা কৰিবলৈ আপুনি সকলো সময়তে আছে৷

Daily Dose - How to Help Your Child Navigate Their Mental Health


(8) যিহেতু স্ত্ৰেচ আমাৰ জীৱনৰ অংশ আৰু ইয়াৰ পৰা কোনো সাৰি যাব নোৱাৰে৷ গতিকে আপুনি আপোনাৰ শিশুটিক ভৱিষ্যতৰ সফলতাৰ বাবে স্ত্ৰেচৰ সৈতে কেনেদৰে মুখামুখি হ’ব লাগে শিকাওক৷


(৫) যিহেতু আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক চাই শিকে৷ গতিকে প্ৰথমে আপুনি নিজৰ মানসিক স্বাস্থ্যৰ যতন লোৱা উচিত৷


এনেদৰে আপুনি ঘৰতেই এটা ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰি আপোনাৰ সন্তানটিক মানসিক চাপমুক্ত কৰি ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here