সংবাদপত্ৰৰ স্বাধীনতাৰ সূচকাংক ভাৰতৰ স্থান ১৫০-লৈ অৱনমিত

0
1041

বিশ্ব সংবাদপত্ৰ স্বাধীনতা সূচকাংকত [ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স] ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান যোৱা বছৰৰ ১৪২১ পৰা ১৫০লৈ অৱনমিত হৈছে৷ ৰিপৰ্টাৰ্ছ উইডাউট বৰ্ডাৰ্ছে প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ প্ৰতিবেদন মতে, নেপালৰ বাদে ভাৰতৰ আন চুবুৰীয়া দেশবোৰৰ স্থানো তললৈ নামিছে৷ সংবাদপত্ৰৰ স্বাধীনতাৰ সূচকাংকত পাকিস্তানৰ স্থান ১৫৭, শ্ৰীলংকাৰ ১৪৬, বাংলাদেশ ১৬২ আৰু ম্যানমাৰৰ ১৭৬ নম্বৰত৷ 
ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰ্ছৰ ২০২২ চনৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স অনুসৰি নেপালৰ স্থান ৩০ পইণ্ট বাঢ়ি ৭৬ হৈছে৷ পাকিস্তানৰ স্থান আছিল ১৪৫, শ্ৰীলংকাৰ ১২৭, বাংলাদেশৰ ১৫২ আৰু ম্যানমাৰৰ ১৪০৷ এই বছৰ পাঁচটা শীৰ্ষ স্থান  লাভ কৰে ক্ৰমে নৰৱে [প্ৰথম], ডেনমাৰ্ক [দ্বিতীয়], ছুইডেন [তৃতীয়], ইষ্টোনিয়া [চতুৰ্থ] আৰু ফিনলেণ্ড [পঞ্চম]৷ 
তালিকাৰ একেবাৰে শেষত আছে উত্তৰ কোৰিয়া৷ ৰাছিয়াৰ স্থান এইবাৰ ১৫৫ নম্বৰত৷  সংস্থাটোৱে ইয়াৰ ৱেবছাইটত দিয়া এটা বিবৃতিত কয় যে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে’ত ৰিপ’ৰ্টাৰ্ছ উইডাউট ব’ৰ্ডাৰ্ছ আৰু আন ৯টা মানৱ অধিকাৰ সংগঠনে সাংবাদিকসকলক আৰু অনলাইনত সমালোচনা কৰাসকলক তেওঁলোকৰ কামৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি নল’বলৈ ভাৰতীয় কতৃৰ্পক্ষসমূহক আহ্বান জনাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here