ষ্ট্ৰক আৰু ইয়াৰ সম্ভাব্য চিকিৎসাৰ বিষয়ত সজাগতা অনুষ্ঠান : ক’ত?

0
252

কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠান স্বস্তি হাস্পতালৰ উদ্যোগত হাস্পতাল চৌহদত বসুন্ধৰা নেত্ৰালয়ৰ সভাকক্ষত ষ্ট্ৰক আৰু চিকিৎসা বিষয়ক এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়৷ হাস্পতালখনৰ এনাস্থেছিয়া বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নিতুল দাসৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাত বসুন্ধৰা নেত্ৰালয়ৰ চকু বিশেষজ্ঞ ডাঃ সৌৰভ কুমাৰ শৰ্মাই চকু আৰু ইয়াৰ যতন সম্পৰ্কে বিৱৰি কয়৷ অনুষ্ঠানত স্বস্তি হাস্পতালৰ পৰিচালন সঞ্চালক বিশিষ্ট চিকিৎসক ডাঃ হিতেন্দ্ৰ কলিতাই ষ্ট্ৰক
সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰজেক্টৰ জৰিয়তে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে৷ ডাঃ কলিতাই ষ্ট্ৰক
ৰ পৰা হাত সাৰিবলৈ হ’লে পৰিমিত খাদ্যাভ্যাস, ধ্যান, যোগাসন, ৰাগিয়াল বস্তু বৰ্জন আৰু এক যোগাত্মক মনৰ অধিকাৰী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ 
তেওঁ সকলো লোককে এক সুন্দৰ মনৰ অিধকাৰী হৈ সমাজৰ কল্যাণৰ কামত ব্ৰতী হ’বলৈ আহবান জনায়৷ উক্ত অনুষ্ঠানত গুৱাহাটী হেল্‌থ চিটি হাস্পতালৰ প্ৰখ্যাত মেডিচিন বিশেষজ্ঞ ডাঃ ব্ৰজেন লহকৰে ষ্ট্ৰক
ৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কত কয় যে পৰিশীলিত জীৱনশৈলীৰ জৰিয়তে ষ্ট্ৰক
ৰ পৰা হাত সাৰিব পাৰি৷ অধিক কলেষ্টৰেলযুক্ত খাদ্য পৰিহাৰ কৰি, দুশ্চিন্তামুক্ত জীৱন, নিয়মিত ব্যায়াম, খোজ কঢ়াৰ অভ্যাস আদিৰ জৰিয়তে মানুহে ষ্ট্ৰক
ৰ পৰা হাত সাৰি থাকিব পাৰে বুলি উল্লেখ কৰে৷ ইয়াৰ লগতে সজাগতা সৃষ্টিৰ জৰিয়তেও ষ্ট্ৰক
ৰ বহুখিনি সমস্যা সমাধান হয় বুলিও তেওঁ মন্তব্য কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here