শৰীৰ সুস্থ ৰাখিবলৈ বেলৰ ৰস কিমান উপকাৰী ?

0
561

প্ৰাচীন কালৰে পৰা স্বাস্থ্যৰক্ষাৰ বাবে বেলৰ ৰস সেৱন কৰি অহা হৈছে৷ গ্ৰীষ্মকালত অত্যধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ লগতে শৰীৰ সুস্থ আৰু ঠাণ্ডা কৰি ৰাখিবলৈ বেলৰ চৰবত খোৱটো অতি প্ৰয়োজনীয়৷ অত্যধিক গৰমত বেলৰ ৰস এগিলাচ সেৱন কৰিলে মন-শৰীৰ শান্ত পৰাৰ লগতে শৰীৰটো ঠাণ্ডা কৰি ৰাখে৷ বিভিন্ন কাৰকৰ পৰা শৰীৰটো সুৰক্ষা দিয়ে বেলৰ ৰসে৷ জানো আহক বেলৰ ৰস সেৱন কৰিলে আমাৰ কি কি উপকাৰ হয়৷ পকা বেলত একধৰণৰ ফাইবাৰ পোৱা যায়, যিয়ে আলচাৰৰ সমস্যাত মহৌষধ হিচাপে কাম কৰে৷ নিয়মিতভাৱে বেলৰ ৰস সেৱন কৰিলে আলচাৰজানিত সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷
ডায়েবেটিছত আক্ৰান্তসক লোকসকলে বেলৰ ৰস নিয়মিতৰূপে খালে ৰোগ নিৰাময় হয়৷ বেলত থকা মেথানল নামৰ একধৰণৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখে৷
আথ্ৰাইটিছৰ বিষ-বেদনাৰ পৰা হাত সাৰিবলৈ বেলৰ চৰবত বা ৰস খোৱাটো দৰকাৰী৷ আথ্ৰাইটিছৰ সমস্যা থাকিলে সপ্তাহত ৩-চ্ছ্ৰ দিন বেলৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়৷
অস্বাস্থ্যকৰ জীৱনশৈলী হৈছে কোষ্ঠকাঠিন্যৰ মুখ্য কাৰণ৷ কোষ্ঠকাঠিন্য, হজমৰ সমস্যা, গেছৰ সমস্যা, আদিত ভোগাসকলে নিয়মিতভাৱে বেলৰ ৰস সৱেন কৰিলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here