শৰীৰত টেষ্টোষ্টেৰনৰ ঘাটি হ’লে কি সমস্যাই দেখা দিব পাৰে ?

0
242

টেষ্টোষ্টেৰন পুৰুষৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা হৰমন, যি পেশী আৰু হাড়ৰ শক্তি মজবুত কৰাৰ লগতে যৌম স্বাস্থ্যৰ বাবেও অতি জৰুৰী৷ বিভিন্ন কাৰণত পুৰুষৰ দেহত টেষ্টোষ্টেৰনৰ মাত্ৰ কমি যাব পাৰে৷ এনেদৰে টেষ্টোষ্টেৰন কমি যোৱাৰ ফলত যৌন অক্ষমতা দুৰ্বল হোৱাৰ লগতে হাড় দুৰ্বল হৈ পৰিব পাৰে৷ শৰীৰত টেষ্টোষ্টেৰন  কমি যোৱাৰ বিভিন্ন কাৰক থাকিব পাৰে৷ বৰ্তমান সময়ত এনে বহু পুৰুষ আছে, যিয়ে কম টেষ্টোষ্টেৰনৰ লেভেলৰ সমস্যাই আক্ৰান্ত হৈছে৷ জানো আহক ইয়ৰ কাৰণ৷
তেজ পৰীক্ষাৰ দ্বাৰা শৰীৰত টেষ্টোষ্টেৰনৰ মাত্ৰা নিৰ্ণয় কৰিব পাৰি৷ শৰীৰত টেষ্টোষ্টেৰন কমি গ’লে বহুতো সমস্যাই  দেখা দিব পাৰে৷ মানসিকতাৰ পৰিৱৰ্তন, শাৰীৰিক শক্তি হ্ৰাস, ফিটনেচৰ অভাৱ, যৌন স্বাস্থ্যৰ সমস্যা আদি৷ আনহাতে মানসিক চাপ, কৰ্মক্ষমতা, উদ্বেগ, টোপনি ক্ষতি আদিও টেষ্টোষ্টেৰনৰ কাৰক হ’ব পাৰে৷ টেষ্টোষ্টেৰন পেশী তৈয়াৰ কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৰমন হিচাপে কম কৰে৷ সেয়ে টেষ্টোষ্টেৰনৰ মাত্ৰা কমি গ’লে পেশী প্ৰস্তুত তথা শক্তি কমি যোৱাৰ সমস্যাই দেখা দিব পাৰে৷ শাৰীৰিক এনেধৰণৰ সমস্যা হ’লে তেজ পৰীক্ষা কৰাটো জৰুৰী৷ ইয়াৰ বিপৰীতে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here