শৌচ অনিয়মীয়া হৈছে নেকি ? বাহ্য প্ৰাণায়াম কৰক (Bahya Pranayama for irregular bowel movements)

0
719
আজিকালি যান্ত্ৰিকতা জীৱনত মানুহবোৰ ইমানেই সোমাই গৈছে যে নিজৰ খোৱা-লোৱাৰ যতনৰ কথা পাহৰিয়েই গৈছে৷ অস্বাস্থ্যকৰ খাদ্য, শৰীৰচৰ্চাৰ অভাৱ, পানী কমকৈ খোৱা, ভজা-পোৰা আদি খাদ্য পেটলৈ গৈ পাচন প্ৰক্ৰিয়াৰ সমস্যাৰ সৃষ্টি কৰে৷ ফলস্বৰূপে শৌচ অনিয়মীয়া, কোষ্ঠকাঠিন্য, গেছ আদি বিভিন্ন সমস্যাই আগুৰি ধৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বাহ্য প্ৰাণায়াম কৰা উচিত৷

বাহ্য অৰ্থাৎ বাহিৰ৷ শৰীৰৰ বিভিন্ন সমস্যা বা অলাগতিয়াল বৰ্জনীয় পদাৰ্থ নিষ্কাশন কৰাত বাহ্য প্ৰাণায়ামে সহায় কৰে৷

बाह्य प्राणायाम - Bahya Pranayama


এই আসন কৰিবলৈ প্ৰথমে পদ্মাসনত বহি লওক৷ তাৰ পাছত দীঘলকৈ উশাহ লৈ জোৰেৰে নিশাহ এৰি দিয়ক৷ নিশাহ এৰি দিয়াৰ পাছত কিছু সময় উশাহ বন্ধ কৰি পেটটো যিমান পাৰি ভিতৰলৈ সোমাই দিয়ক আৰু মূৰটো তল কৰি থুঁতৰিটো বুকুত লগাব চেষ্টা কৰক৷ এনেদৰে কেইছেকেণ্ডমান উশাহ বন্ধ কৰি লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক৷
এনেদৰে কৰাৰ ফলত পেট খোলোচা হৈ কোষ্ঠকাঠিন্য নিৰাময় হয়, গুহ্যদ্বাৰ, প্ৰস্ৰাৱদ্বাৰ সবল হয়, শৌচৰ অনিয়মীয়া, হাৰ্নিয়া, জৰায়ুৰ ৰোগ নিৰ্মূল হোৱাৰ লগতে হজম শক্তি বৃদ্ধি পায়৷
অৱশ্যে উচ্চ
ৰক্তচাপ থকা লোক, মাহেকীয়া বা গৰ্ভৱতী অৱস্থাত মহিলাই এই আসন কৰা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here