শীতকালত হাত-ভৰি শুষ্কতাৰ পৰা কিদৰে বচাই ৰাখিব ?

0
1067

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহুতৰে হাত-ভৰি আদি ফাটিবলৈ ধৰে৷ কেতিয়াবা এনে পৰ্যায় পায়গৈ যে ভৰি পাতিব নোৱৰা হৈ ফটা অংশৰে তেজপৰ্যন্ত ওলাবলৈ লয়৷ সাধাৰণতে শীতৰ আদ্ৰৰ্তাৰ বাবে হাত, ভৰি, ওঁঠ আদি ৰুক্ষ, শুষ্ক হৈ পৰে, যাৰ ফলত ইয়াৰ ছালখন ফাটি যায়৷ গৰম কালত যিসকলৰ হাত, ভৰি বেছিকৈ ঘামে, শীতত তেওঁলোকৰ ছালখন ৰুক্ষ হোৱাৰ প্ৰৱণতা দেখা যায়৷ আনহাতে থাইৰয়েড, ডায়েবেটিছ, এলাৰ্জি, ভিটামিনৰ অভাৱ আদি বিভিন্ন কাৰক ছালখনৰ শুষ্কতাৰ কাৰণ হ’ব পাৰে৷ শীতকালত হাত তথা ভৰিৰ ছালৰ শুষ্কতা দূৰ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব৷ যিকোনো কাম কৰাৰ আগে আগে হাতখনত নাৰিকলৰ তেল লগাওক৷ পানীৰ সংস্পৰ্শলৈ যাওঁতে মইশ্বৰাইজাৰ ৰাখিবলৈ গ্লভছ পিন্ধি ল’ব পাৰে৷ যিমানদূৰ সম্ভৱ কুমহীয়া গৰম পানী ব্যৱহাৰ কৰিব৷
শীতকালত ভৰি তথা হাতখন নৰম কৰি ৰাখিবলৈ কেইফোটামান মৌ আৰু অলিভ অইল মিহলাই হাত. ভৰিত মাছাজ কৰক৷ পাছত ভালদৰে ধুই দিব৷
নৰম হাত পাবলৈ পৰিমাণ মতে চায়েল লিকাৰৰ সৈতে একফোটা কপূৰ্ৰ মিহলাই ফ্ৰীজৰ ৰাখি থ’ব৷ পাছত এই মিশ্ৰণটো হাতত টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷
শীতকালত ভৰিৰ ৰুক্ষতা এটা সাধাৰণ সমস্যা৷ ইয়াৰ প্ৰতিকাৰৰ বাবে পকা কল, ুকা অমিতা, আপেল, কেইফোটামান অলিভ অইল, অলপ গাখীৰ লৈ এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো ১৫ মিনিটমান সময় হাত, ভৰিত লগাই পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷ তাৰ পাছত মইশ্বৰাইজাৰ লগাওক৷
শীতত কুমহীয়া পানীত ছেম্পু বা বাথ দি ১৫ মিনিটমান সময় ভৰি ডুবাই ৰাখক৷ পাছত উঠাই আনি ভাল পানীৰে ধুই পেলাওক৷
গোৰোহা, ভৰিৰ পতা আদি ছালৰ ৰুক্ষতা নিৰাময়ৰ বাবে নেমুৰ ৰসৰ লগত চেনি মিহলাই গোৰোহা ভালদৰে ঘঁহি দিয়ক৷ তাৰ পাছত হালধি বটা, কমলাটেঙা বা নেমুৰ ৰস আৰু গ্লিছাৰিন মিহলাই ছালখনত লগাওক৷ ছালৰ ৰুক্ষতা দূৰ হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here