শীতকালত মূলা খোৱা কিয়আৱশ্যক জানো আহক

0
151


শীতকালৰ পাচলিসমূহ ভিতৰত মূলা অন্যতম৷ চবজি বনাই, চালাড বা কেঁচাই মূলা খোৱা হয়৷ মূলাৰ পুষ্টিকৰ উপাদানৰ অভাৱ নাই৷ মূলাত ভিটামিন-এ, ভিটামিন-বি. আইৰন, কেলচিয়াম, ফচফৰাছ আদি শৰীৰৰ বাবে লাগতিয়াল উপাদান থাকে৷ সেয়েহে আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে মূলা খোৱাটো অতি আৱশ্যক৷ সাধাৰণতে শীতকালত নানা ৰোগৰ সংক্ৰমণ হয়৷ মূলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ অৰিহণা যোগায়৷ বায়ুৰ আদ্ৰতাৰ হেতু শীতকালত চৰ্দি, কাহ আদিৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পায়৷ নিয়মিতভাৱে মূলা খালে এইবোৰ ৰোগৰ পৰা হাত সাৰিব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে মূলা খালে ঔষধ হিচাপে গণ্য কবি পাৰি৷ মূলাই তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ হূদযন্ত্ৰৰ সুস্বাস্থ্য ধৰি ৰাখিবলৈ মূলা খোৱাৰ ভাল৷ মূলাই হাৰ্ট এটেক, কৰ’নাৰী আৰ্টাৰী ডিজিজ বা ট্ৰিপল ভেছিল ডিজিজৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here