শিশুৰ দেহত অভিনৱ পদ্ধতিৰে হৃদপিণ্ড সংস্থাপন : ক’ত?

0
349

শেহতীয়াভাৱে এক নজিৰবিহীন অস্ত্ৰোপচাৰৰ সবিশেষ তথ্য প্ৰকাশ পাইছে আন্তৰ্জাতিক চিকিৎসা গৱেষণা পত্ৰিকা ‘ক্লিনিকেল মেডিচিন এণ্ড ৰিছাৰ্চ’ত৷ অভিনৱ পদ্ধতিৰে ছমহীয়া শিশুৰ দেহত হৃদপিণ্ড প্ৰতিষ্ঠাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিউক বিশ্ববিদ্যালয়ৰ গৱেষক-চিকিৎসকৰ এটা দলে৷ চিকিৎসকৰ এই নজিৰবিহীন অস্ত্ৰোপচাৰৰ জৰিয়তে হৃদপিণ্ডৰ প্ৰতিষ্ঠাপনত এটা নতুন দিগন্তৰ সূচনা হ’ল আৰু বহু আকাংক্ষিত লক্ষ্যপূৰণত সফলতা লাভ কৰিলে৷

এইধৰণৰ অস্ত্ৰোপচাৰৰ জৰিয়তে আগন্তুক দিনত প্ৰতিষ্ঠাপিত হৃদপিণ্ডই বহু লোকৰ যে জীৱন ৰক্ষা পেলাব সেয়া ধুৰুপ৷ মাত্ৰ ছমাহ বয়সৰ এটি শিশুৰ দেহত ডিউক বিশ্ববিদ্যালয়ৰ গৱেষক-চিকিৎসকৰ দলে অভিনৱ পদ্ধতিৰে হৃদপিণ্ড প্ৰতিষ্ঠাপিত কবিৰলৈ সক্ষম হয়৷

হৃদপিণ্ড গ্ৰহণ কৰাৰ পাছত শিশুটিয়ে নিজৰ হৃদপিণ্ডৰ দৰে ছমাহ ধৰি কাম-কাজ চলাই আছে৷ ইয়াৰ লগতে শিশুটিৰ স্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থা অক্ষত আছে৷ শিশুটিৰ দেহত অকল হৃদপিণ্ডই নহয়, অস্ত্ৰোপচাৰৰ দুসপ্তাহৰ পাছত দাতাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা থাইমাছ কোষ, কলাবোৰো সফলভাৱে প্ৰতিষ্ঠাপিত কৰা হয় শিশুটিৰ দেহত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here