লাম্পি স্কিন ডিজিজত গৰু-ম’হৰ মৃত্যু : ক’ত ?

0
254

লাম্পি স্কিন ডিজিজ নামৰ এবিধ সংক্ৰামক ৰোগ পশ্চিম আৰু উত্তৰ ৰাজস্থানৰ হাজাৰ হাজাৰ পশু পালকৰ বাবে অভিশাপ হৈ পৰিছে আৰু অঞ্চলটোত দ্ৰুতগতিত বিয়পি পৰা এই ৰোগত প্ৰায় ১২০০ গৰু-ম’হৰ মৃত্যু হৈছে৷ তিনি মাহৰ ভিতৰত প্ৰায় ২৫ হাজাৰ গৰু-ম’হ এই ৰোগত আক্ৰান্ত হৈছে৷ যোৱা দুসপ্তাহত কেৱল যোধপুৰ জিলাতে ২৫৪টা গৰু-ম’হৰ মৃত্যু হয়৷ ৰাজ্যখনৰ পশুপালন বিভাগে কয় যে প্ৰথমতে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল আফ্ৰিকাত আৰু এপ্ৰিলত পাকিস্তানৰ পৰা ভাৰতলৈ বিয়পি পৰে৷ পাকিস্তানৰ সীমাৰ ওচৰত থকা ৰাজস্থানৰ জিলাবোৰলৈ এই সংক্ৰামক ৰোগ দ্ৰুতগতিত বিয়পিছে৷ পশু পালন বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলবোৰত চিকিৎসকৰ দল নিয়োগ কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here