যৌৱন ধৰি ৰাখিব বিচাৰিলে এইবোৰ খাদ্য গ্ৰহণ কৰক

0
221

বয়সৰ চাপ নাইকিয়া কৰিবলৈ নামী-দামী বিভিন্ন ধৰণৰ প্ৰশাধনী সামগ্ৰী ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়৷ কিন্তু এইদৰে বাহ্যিকভাৱে বিভিন্ন উপায়েৰে বয়সৰ চাপ নোহোৱা কৰিবলৈ চেষ্টা কৰিলেও আভ্যন্তৰীণভাৱে ইয়াৰ নিৰাময়ৰ ব্যৱস্থা নকৰিলে কেতিয়াও সুফল পোৱা নাযায়৷ সেয়েহে বয়সৰ চাপ নোহোৱা কৰিবলৈ কিছুমান অত্যাৱকীয় খাদ্য সামগ্ৰী গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়৷ জানো আহক বয়সৰ চাপ নোহোৱা কৰি আপোনাৰ যৌৱন ধৰি ৰাখিবলৈ কি খাদ্য গ্ৰহণ কৰা উচিত৷
দৈত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে ছালখন মসৃণ আৰু সতেজ কৰি ৰাখে৷ দৈত থকা লেকটিক এচিডে ছালৰ মৃত কোষ নোহোৱা কৰাৰ লগতে ছালৰ টান বা ৰুক্ষভাব নোহোৱা কৰাত সহায় কৰে৷
মুখৰ বলিৰেখা দূৰ কৰি বয়স ধৰি ৰখাত কাঠবাদামে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ কাঠবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে বাবে ই ছালখন সতেজ, সজীৱ কৰি ৰখাত সহায় কৰে৷
পকা অমিতা ছালখনৰ যতনৰ বাবে অতি উপকাৰী৷ পকা অমিতাত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিয়ে ছালখনৰ পৰা বয়সৰ চাপ নোহোৱা কৰাত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ উপৰি ছালৰ দাগ, শুষ্কতা দূৰ কৰিবলৈ ভীষণ উপকাৰী৷
ছালখন সুস্থ ৰাখিবলৈ ৰে’ড ৱাইন উপকাৰী৷ তেজৰ বেয়া কলেষ্টৰেল, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, তেজ চলাচল সুচল কৰিবলৈ ৰে’ড ৱাইনে বিশেষ ভূমিকা লয়৷ পৰ্যাপ্ত মাত্ৰাই ৰে’ড ৱাইন সেৱন কৰিলে মুখত পৰা বয়সৰ চাপ নোহোৱা হয়৷
ছালখন সুস্থ-সতেজ কৰি ৰখাত মূলতে হ’ল পানী সেৱন কৰাটো৷ শৰীৰৰ টক্সিন মাত্ৰা কমাবলৈ, ব্ৰুনৰ সমস্যা, ছালৰ ৰুক্ষতা আদি নোহোৱা কৰিবলৈ নিয়মিতভাৱে শৰীৰৰ বাবে লাগতিয়াল পানী সেৱন কৰাটো অতি জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here