যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত উদ্ভাৱনী কেন্দ্ৰ উদ্বোধন

0
206

ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত উদ্ভাৱনী কেন্দ্ৰ উদ্বোধন কৰে৷ নৱপ্ৰজন্মৰ মাজত বিজ্ঞানৰ নৱ উদ্ভাৱনী শক্তি সৃষ্টিৰ উদ্দেশ্যে নিৰ্মাণ কৰা উদ্ভাৱনী কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে এই উদ্ভাৱনী কেন্দ্ৰটোৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব৷ মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে ৰাজ্যৰ ২২টা স্থানত যদি ৰিজনেল বিজ্ঞান কেন্দ্ৰৰ সমপৰ্যায়ৰ একোটাকৈ জিলা বিজ্ঞান কেন্দ্ৰ হয় তেতিয়া ভাৰতবৰ্ষৰ ভিতৰত বিজ্ঞানৰ ক্ষেত্ৰত এক নম্বৰ ৰাজ্য হ’ব৷ 
ইফালে মন্ত্ৰীগৰাকীয়ে জলবায়ু অনুকূল গাঁও আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জলবায়ু পৰিৱৰ্তন হৈছে৷ সেয়েহে এই আঁচনিৰ জৰিয়তে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ শ্ৰেণীৰ এশজন ছাত্ৰক নিৰ্বাচন কৰি দুখনকৈ গাঁৱৰ মানুহৰ জলবায়ু অনুকূল গাঁও হ’বলৈ কি প্ৰয়োজন তাক অধ্যয়ন কৰিব৷ সভাখনত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাটৰ লোক সভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাষণ আগবঢ়ায়৷ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক কিমনেই চাংছনে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত নেশ্যনেল কাউঞ্চিল অব্‌ ছায়েন্স মিউজিয়ামৰ [উত্তৰ-পূবৰ] সঞ্চালক ইন্দ্ৰনীল সন্ন্যালে উদ্ভাৱনী কেন্দ্ৰটোৰ সম্পৰ্কে প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here