যুদ্ধৰ প্ৰভাৱ! সূৰ্যমুখী ফুলৰ তেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি

0
413

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত ভাৰতৰ বজাৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে খোৱাতেলৰ মূল্য৷ বিশেষকৈ সূৰ্যমুখী ফুলৰ পৰা উৎপাদিত হোৱা খোৱাতেল৷ ইউক্ৰেইনৰ পৰা সৰ্বাধিক পৰিমাণে আমদানি হোৱা এই সূৰ্যমুখী ফুলৰ তেলৰ মূল্য প্ৰতি লিটাৰত সৰ্বাধিক ৩২ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ 
ইয়াৰ সমান্তৰালভাৱে বাঢ়িছে খেজুৰ তেলৰ মূল্যও৷ একেদৰে ভাৰতৰ বজাৰত এই যুদ্ধৰ প্ৰভাৱত বৃদ্ধি পাইছে ছয়াবিন তেলৰ মূল্যও৷ যোৱা দহ দিনত কলকাতা আৰু দিল্লীত প্ৰতি লিটাৰ ছয়াবিন তেলৰ মূল্য ক্ৰমে ১৪ টকা আৰু ১২ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মূল্য নিয়ন্ত্ৰণ তথ্যৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে৷ 
কিন্তু দুই-এখন ৰাজ্যত মিঠাতেলৰ মূল্য সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে আন আন ৰাজ্যত মূল্য সুস্থিৰ অৱস্থাতে আছে৷ আনহাতে তৈল উদ্যোগৰ লগত জড়িত বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে যে যুদ্ধৰ ফলত বিভিন্ন খোৱাতেলৰ মূল্য বাঢ়িলেও ভাৰতত ইয়াৰ চাহিদা অনুসৰি খোৱাতেলৰ যোগান প্ৰভাৱিত নহয়৷ সেয়েহে ভাৰতত খোৱাতেল মূল্যৰ ওপৰত যুদ্ধই প্ৰভাৱ পেলালেও এয়া সাময়িক হ’ব বুলি  মতপোষণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here