যমজ সন্তানৰ ৰহস্য কি?

0
1504
সাধাৰণতে আমাৰ সমাজত মাতৃ এগৰাকীয়ে গৰ্ভাৱস্থাৰ পৰা এটা সন্তানহে জন্ম দিয়ে৷ এইটো প্ৰকৃতিৰে নিয়ম৷ কিন্তু কেতিয়াবা গৰ্ভৱতী মাতৃয়ে যমজ সন্তান জন্ম দিয়াও দেখা যায়৷ সাধাৰণতে চিকিৎসা বিজ্ঞানৰ মতে এটা শুক্ৰাণুৱে কেৱল এটা সন্তানহে জন্ম দিব পাৰে৷ ইয়াৰ ব্যতিক্ৰম যমজ সন্তান কেনেদৰে জন্ম হ’ব পাৰে, সেইটো ৰহস্যজনক কথা৷ প্ৰধানকৈ যমজ সন্তান দুই ধৰণৰ থাকে৷ এটা পৰিচয় আৰু আনটো পৰিচয়বিহীন৷ চিকিৎসা বিজ্ঞানত ইয়াক মনোজাইগেটিক, ডাইজাইগেটিক বুলি কোৱা হয়৷ সাধাৰণতে মহিলাৰ দেহত এটা ডিম্বাশয় থাকে৷ ইয়াতে শুক্ৰাণুৰ সংযোগ হৈ ভ্ৰূণৰ সৃষ্টি হয়৷ কিন্তু কেতিয়াবা বিভিন্ন কাৰণত এটা নহয়, দুটা ভ্ৰূণৰ সৃষ্টি হয়৷ আকৌ কেতিয়াবা দেখা যায় যে কোনো গৰ্ভৱতী মহিলাৰ শৰীৰত এবাৰতেই দুটা ভ্ৰূণৰ সৃষ্টি হয়৷ যাক বিকশিত কৰিবলৈ দুটা শুক্ৰাণুৰ প্ৰয়োজন হয়৷ ইয়াৰ জৰিয়তে দুটা পৃথক পৃথক ভ্ৰূণৰ সৃষ্টি হয়৷ আনহাতে কৃত্ৰিমভাৱে গৰ্ভধাৰণ কৰিলেও যমজ সন্তান প্ৰসৱ কৰাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here