মৰাপাট শাকে কিদৰে উপকাৰ সাধে?

0
973

কুমলীয়া মৰাপাটৰ পাত শাক হিচাপে খোৱা হয়৷ গ্ৰামাঞ্চলত এইবিধ এক পৰিচিত শাক৷ ই সোৱাদযুক্ত হোৱাৰ লগতে আমাৰ নানা উপকাৰ সাধন কৰে৷ বিভিন্ন ধৰণে খোৱা এই শাকবিধে কিদৰে আমাৰ উপকাৰ কৰে জানো আহক৷
মৰাপাট শাক প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে৷ আনহাতে পেটৰ স্বাস্থ্য ভালে ৰাখিবলৈ ফাইবাৰ অত্যন্ত কাৰ্যকৰী৷ ফাইবাৰসমৃদ্ধ খাদ্য খোৱাৰ ফলত পৰিপাকৰ সমস্যা নিৰাময় হয়৷
মৰাপাট শাকত লাইকোপিন নামৰ একপ্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে জাৰণ প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত কোষক পুনৰুজ্জীৱিত কৰাত সহায় কৰে৷
মৰাপাট শাকত ওমেগা-৩ ফেটি এচিড পোৱা যায়৷ এইধৰণৰ স্নেহপদাৰ্থই দেহত প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে৷
ভিটামিন-চি প্ৰচুৰ পৰিমাণে মৰাপাট শাকত পোৱা যায়৷ ভিটামিন-চি-এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়৷ ইয়াৰ উপৰি মানসিক চাপ, কোষৰ জাৰণ প্ৰক্ৰিয়াৰ ক্ষতিকৰ প্ৰভাৱ, দূষণ আদিৰ প্ৰভাৱ হ্ৰাস কৰে৷
মৰাপাট শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থাকে বাবে চকুৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এবিধ উপাদান৷ ইয়াৰ লগতে ছালৰ এপিথেলিয়াল কোষ সতেজ ৰাখিবলৈ ভিটামিন-এ অত্যন্ত জৰুৰী৷
ব্ৰেষ্টলেছ লেগ ছিণ্ড্ৰমত আক্ৰান্ত লোকৰ দেহত আইৰনৰ অভাৱ হোৱা পৰিলক্ষিত হয়৷ এই ৰোগ নিৰাময়ৰ বাবে ঘৰুৱা বিধান হিচাপে মৰাপাট শাক খোৱাৰ পৰামৰ্শ দিয়ে৷ কিয়নো মৰাপাট শাকত ২.৭৩ মিলিগ্ৰাম আইৰন পোৱা যায়, যিয়ে দেহৰ বাবে প্ৰয়োজনীয় আইৰনৰ প্ৰায় এক তৃতীয়াংশ চাহিদা পূৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here