মূল্যবৃদ্ধি হ’ব মিঠাতেলৰ কাৰণ জানো আহক

0
417

দেশত দৈনিক নিত্য-নৈমিত্তিক খাদ্যবস্তুৰ মূল্য বৃদ্ধি হৈ আছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত অহা ২৮ এপ্ৰিলৰ পৰা খোৱাতেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো চলিত মাহৰ পৰা ইণ্ডোনেছিয়াই ভাৰতক পাম তেল ৰপ্তানি বন্ধ কৰি দিছে৷ 
আনহাতে ভাৰতক প্ৰতি মাহে ১৮ লাখ টন খোৱাতেলৰ আৱশ্যক হয়৷ এই ১৮ লাখ টনৰ ছয় লাখৰ পৰা সাত লাখ টনেই ইণ্ডোনেছিয়াৰ পৰা আমদানি হয়৷ যিহেতু ইণ্ডোনেছিয়াৰ পাম খেতিৰ পৰা সৰহভাগ পাম তেল উৎপন্ন হয়৷ সেয়ে এইক্ষেত্ৰত মিঠাতেলত মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 
ইণ্ডোনেছিয়াই দেশৰ আভ্যন্তৰীণ প্ৰয়োজনৰ তুলনাত উৎপাদন কম হোৱাত অহা ২৮ এপ্ৰিলৰ পৰা অনিৰ্দিষ্ট কাললৈ ভাৰতলৈ তেল ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্তৰ বিষয়ে জানিব পৰা গৈছে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে যাতে উচিত পদক্ষেপ গ্ৰহণ কৰে
তাৰ বাবে দেশৰ বিভিন্ন ব্যৱসায়িক সংগঠনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ইয়াৰ আগেয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ইতিমধ্যে ভাৰতলৈ ইউক্ৰেইনে সূৰ্যমুখী ফুলৰ তেলৰ ৰপ্তানি বন্ধ ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here