মানৱ জাতিলৈ বিপদ : চাৰি লাখ বছৰ পুৰণি ভাইৰাছক প্ৰাণ দিয়াৰ চেষ্টা

0
242

চীনৰ গৱেষণাগাৰৰ পৰা সৃষ্টি হোৱা ভাইৰাছে গোটেই বিশ্বকে আতংকৰ সৃষ্টি কৰাৰ লগতে বিশ্বৰ অৱস্থা থানবান কৰি পেলাইছে আৰু তাৰ ভয়াৱহতা এতিয়াও নিঃশেষ হোৱা নাই৷ সেই একেটা কামকে এতিয়া কৰিবলৈ ওলাইছে ৰাছিয়াই৷ বিশ্বত কৰ’না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি তথা যোৱা বহুকেইমান ধৰি ইউক্ৰেইনৰ সৈতে চলা যুদ্ধত জৈৱিক অস্ত্ৰ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ সময়তে ৰাছিয়াই চাৰি লাখ পুৰণি ভাইৰাছৰ প্ৰাণ দিবলৈ ওলাইছে৷ এই লৈ এতিয়া সমগ্ৰ বিশ্বই ত্ৰস্তমান হৈ পৰিছে৷ ছাইবেৰিয়াৰ ন’ভ’ছিভিস্কৰ্ চহৰত থকা এটা গৱেষাগাৰত এই পুৰণি ভাইৰাছ পুনৰ সক্ৰিয় কৰিবলৈ ৰাছিয়ান বিজ্ঞানীৰ দলে পৰীক্ষা অব্যাহত ৰাখিছে৷ ‘দ্য ছান’ নামৰ এখন জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত লাখ বছৰ আগতে ৰাছিয়াৰ য়াকুটিয়া চহৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা গঁড়, মেথোনৰ মৃত্যুৰ কাৰণ আছিল এই ভাইৰাছবিধ৷ য়াকুটিয়া চহৰত মৃত্যু হোৱা এই জন্তুবোৰৰ লগত বছৰ বছৰ ধৰি বৰফৰ তলত সোমাই আছিল প্ৰাণঘাতী বিষাক্ত এই বীজাণু৷ এই বিষাক্ত বীজাণু তথা ভাইৰাছবোৰক তাৰ পৰা সংৰক্ষণ কৰি পুনৰ সক্ৰিয় কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাইছে ৰাছিয়াৰ বিজ্ঞানীয়ে৷ এই গৱেণাৰ ফলত বিশ্বত আন এক ভয়াৱহ মহামাৰী সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক বুলি বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰিছে৷ সেয়ে পুনৰ সমগ্ৰ বিশ্বই আম এক মহানাৰীৰ মুখামুখি হ’বলৈ সাজু থকাৰ বাবে প্ৰস্তুত থাকিবলৈও সকীয়নি প্ৰদান কৰিছে সচেতন মহলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here