মানৱ জাতিক গোলকীয় উষ্ণতা বৃদ্ধিয়ে কিদৰে প্ৰভাৱিত কৰিব ?

0
859

জলবায়ু বিজ্ঞানী মঞ্চৰ গৱেষণাৰ প্ৰতিবেদনৰ এক তথ্য মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চলিত বৰ্ষত হোৱা গ্ৰীষ্ম প্ৰবাহ অহাৰ সময় পূৰ্বতকৈ বেছি হ’ব৷ ইয়াৰ প্ৰভাৱ তথা কুফল সমগ্ৰ বিশ্বই ভুগিব লাগিব৷ যাৰ বাবে অৰ্থনৈতিক, মানুহৰ শাৰীৰিক-মানসিক ক্ষতিৰ উপৰি অধ্যয়নৰ সময়, কামৰ সময় আদিত লোকচান কৰিব৷ 
গ্ৰীষ্ম প্ৰবাহ অধিক হোৱাৰ ফলত বৰষুণৰ পৰিমাণ কমিব আৰু ইয়াৰ ফলত বিভিন্ন খাদ্যশস্য ধান-ঘেঁহুকে ধৰি বিভিন্ন শস্যৰ উৎপাদন হ্ৰাস পাব৷ ইয়াৰ ফলত জনসাধাৰণৰ মাজত খাদ্য সংকটে দেখা দিব৷ উল্লেখ্য যে যোৱা মাহত গ্ৰেট ব্ৰিটেইনৰ জলবায়ু বিভাগে গণনা কৰামতে মানুহৰ কাৰ্যৰ বাবে অভাৱনীয় উষ্ণতা বৃদ্ধিৰ বহু পৰিমাণে হোৱাৰ আশংকাই দেখা দিছে৷ 
আনহাতে ৱল্ডৰ্ ৱেডাৰ এট্ৰিভিউশ্যন নামৰ জলবায়ু বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট˜ীয় গোট এটাই প্ৰকাশ কৰা তথ্য মতে, মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ ফলতে চলিত বৰ্ষৰ মাৰ্চ আৰু এপ্ৰিলত ভাৰত আৰু পাকিস্তানত হোৱা প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ সম্ভাৱনা ৩০ শতাংশ বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here