মাছ-মাংসতকৈও বেছি উপকাৰ পোৱা যায় ছয়াবিনত

0
418

ছয়াবিনৰ গুণাগুণৰ ফালৰ পৰা ক’বলৈ আৰম্ভ কৰিলে কৈ শেষ কৰিব নোৱাৰি। ছয়াবিন প্ৰ’টিন, কেলচিয়াম, ভিটামিন, আইৰন, ফচফৰাছ, কপাৰ, মেগনেচিয়াম, জিংক আদি পুষ্টিগত উপাদানেৰে ভৰপূৰ৷ উদ্ভিদজাত প্ৰ’টিনৰ ভাল উৎস ছয়াবিন আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷

ছয়াবিন ভিটামিন-বি কমপ্লেক্স, ভিটামিন-ই, মিনাৰেল আৰু এমিন’ এচিডেৰে সমৃদ্ধ৷ এই সমস্ত উপাদানে শৰীৰৰ প্ৰয়োজনীয় বিকাশত সহায় কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে৷
বিশেষজ্ঞৰ মতে হাই ব্লাড প্ৰেছাৰৰ সমস্যা থাকিলে প্ৰতিদিনে ছয়াবিন খাব লাগে৷ ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷
যিসকলৰ কিডনীজনিত সমস্যা আছে, তেওঁলোকে খাদ্য তালিকাত ছয়াবিন অন্তৰ্ভুক্ত কৰক৷
পিৰিয়ডিকৰ সময়ত বহুতো মহিলাৰ হাড় ক্ষয় যোৱাৰ প্ৰৱণতা বঢ়া দেখা যায়৷ এই সমস্যাৰ কমাবলৈ ছয়াবিনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ মূলতঃ ছয়াবিনে হাড়ৰ ক্ষয়জনিত সমস্যা দূৰ কৰাত সহায় কৰে৷
ডায়েবেটিছ ৰোগীৰ বাবে ছয়াবিন উপকাৰী৷ ইয়াত থকা প্ৰ’টিনে গ্লুকজ নিয়ন্ত্ৰণ কৰে আৰু ইনছুলিন বাধাপ্ৰাপ্ত হয়৷
ছয়াবিন খালে মহিলাৰ ক্ষেত্ৰত অষ্টিঅ’পৰোছিছ প্ৰতিৰোধ কৰাত সহায়ক হয়৷ সেয়েহে চিকিৎসকে গৰ্ভাৱস্থাত ছয়াবিন খোৱাৰ পৰামৰ্শ দিয়ে৷
বিশেষজ্ঞৰ মতে ছয়াবিনে মানসিক ভাৰসাম্য ঠিক ৰখাৰ লগতে বুদ্ধিৰ বিকাশ ঘটায়৷
ছয়াবিনত আইছ’ফ্লাভেন আৰু লেছিথিন নামৰ দুবিধ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে কম ডেনচিটিৰ কলেষ্টৰেলৰ মাত্ৰা স্বাভাৱিক ৰখাত সহায় কৰে৷
ছয়াবিনত থকা আইছ’ফ্লাভেনে ছাল আৰু চুলি উজ্জ্বল আৰু নিমজ কৰি ৰখাত অিৰহণা যোগায়৷
আনহাতে ছয়াবিনত থকা লেছিথিনে ৰক্তচাপ স্বাভাৱিক ৰখাৰ লগতে হাৰ্ট আৰু মস্তিষ্কক সুস্থ আৰু সক্ৰিয় কৰি ৰখাত সহায় কৰে, যিয়ে অকাল বাৰ্ধক্যৰ পৰা মুক্ত কৰি ৰাখে৷
সপ্তাহত দিনে ৫০ মিলিগ্ৰাম ছয়াবিন খালে এইচ ডি এল আৰু এল ডি এলৰ ভাৰসাম্য ৰক্ষা কৰে৷ ফলত হৃদৰোগৰ আশংকা কমি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here