মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ

0
144

এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ ধৰিছে৷ অনাগত সময়ত সমগ্ৰ বিশ্বৰে ক্ষমতাৰ কেন্দ্ৰ হৈ উঠিব মহাকাশ৷ এই লৈ এতিয়া বিভিন্ন ৰাষ্ট˜ই পৰিকল্পনা প্ৰস্তুত কৰিছে৷ এইক্ষেত্ৰত ভাৰতেও পিছপৰি থকা নাই৷ ইয়াৰ অংশ হিচাপে বিগত সময়ত ভাৰতীয় মহাকাশ সংস্থা ISRO-এ পদক্ষেপ গ্ৰহণ কৰিছে৷ ISRO-এ মহাবিশ্বত ৰিইউজেবল লঞ্চ ভেহিকল [RLV]ৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে৷ এই পদক্ষেপৰ বিষয়ে জনায় ৰ প্ৰধান ডাঃ এছ সোমনাথে৷ ডাঃ নাথে জানিবলৈ দিয়া মতে ৰকেটটোক এটা সৰু ৰকেট অথবা হেলিকপ্টাৰ দ্বাৰা ভূপৃষ্ঠৰ পৰা তিনি কিলোমিটাৰ ওপৰলৈ নিয়া হ’ব৷ ইয়াৰ পৰা ই নিজে নামি আহিব অথবা স্বয়ক্ৰিয়ভাৱে অৱতৰণ কৰিব৷ ISRO-ৰ এই পৰীক্ষা সফল হ’লে ভাৰতে মহাকাশত ছেটেলাইট উৎক্ষেপণ কৰিব পাৰিব৷ আনহাতে একে সময়তেই ছলমান স্পেচ তথা মহাকাশৰ নিৰাপত্তাৰ দিশত অৰু এঢাপ আগবাঢ়িব৷ ISRO-এ জানিবলৈ দিয়া মতে অহা ২০৩০ চনৰ মাজভাগত এই প্ৰকল্পটো সফল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ প্ৰসংগতে উল্লেখ কৰিব পাৰি যে এই পৰীক্ষণ সফল হ’লে অতি কম খৰচতে মহাকাশত ভাৰতে ছেটেলাইট স্থাপন কৰিব পাৰিব৷ ইয়াৰ উপৰি বাৰে বাৰে ৰকেট লঞ্চ কৰাত যি ব্যয় হয়, সেই ব্যয়ৰ পৰিমাণ বহুখিনি কমি যাব৷ বিশেষজ্ঞৰ মতে মহাকাশত ছেটেলাইট স্থাপনৰ ব্যয় প্ৰায় দহ গুণ কমি যাব৷ ইয়াৰ আগেয়ে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, চীন, জাপান আদি দেশে এই প্ৰযুক্তিৰ সফলভাৱে পৰীক্ষা সম্পন্ন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here