মহানগৰীত মহৰ বংশবৃদ্ধি ৰোধৰ বাবে জি এম চিৰ ব্যতিক্ৰমী পদক্ষেপ

0
194

মহ হৈছে বিভিন্ন ৰোগৰ বাহক৷ মহৰ জৰিয়তে আমাৰ শৰীৰত বিভিন্ন ৰোগ বীজাণুৰ সংক্ৰমণ হয়৷ মেলেৰিয়া, টাইফয়েড, ডেংগু আদিকে ধৰি নানা ৰোগৰ সংক্ৰমণ মহৰ দ্বাৰা বিয়পে৷ মানুহৰ বাবে ক্ষতিকাৰক ৰোগৰ বাহক প্ৰাণীবিধে নলা-নৰ্দমা, আৱৰ্জনা, গেলা-পচা সামগ্ৰী, আবদ্ধ পানীত কণী পাৰি দ্ৰুতভাৱে নিজৰ বংশবৃদ্ধি কৰে৷ মহৰ পৰা বাচিবলৈ মহৰ কণী পৰা ঠাইবোৰ সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে, যাতে কণী পৰা বাবে উপযুক্ত ঠাইৰ অভাৱ হয়৷ ইয়াৰ ফলত সহজে বংশবৃদ্ধি নহ’ব৷ বিশেষকৈ গুৱাহাটী মহানগৰৰ লেতেৰা নলাবোৰৰ মহে কণী পৰাৰ উপযুক্ত ঠাই হিচাপে বাছি লয়৷ 
ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে গুৱাহাটী পৌৰ নিগমে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদ্ধতিৰ জৰিয়তে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ লক্ষম হ’ব বুলি ভবা হৈছে৷ মহৰ বংশবৃদ্ধি ৰেধৰ বাবে জি এম চিয়ে গুৱাহাটী ৰে’লৱে কলনিৰ ৩১ নং ৱাৰ্ডৰ নলাবোৰত গুপ্পি আৰু গুম্বেচিয়া নামৰ মাছৰ প্ৰজাতিৰ পাঁচ শতাধিক পোনা এৰি দিছে৷ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়া মতে এই প্ৰজাতিৰ মাছে মহে পৰা কণী খাই মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হ’ব৷ পৰৱৰ্তী পৰ্যায়ত মহানগৰীৰ আন আন অঞ্চলসমবলৈও এইদৰে মহৰ বংশবৃদ্ধি ৰোধৰ বাবে নৱা মাছৰ পোনা এৰি দিয়াৰ বৱ্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মেয়ৰজনে সদৰী কৰিছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত গুৱাহাটী পৌৰ নিগমৰ এনে আদৰণীয় পদক্ষেপক সকলোৱে শলাগিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here