মহানগৰত উন্মুক্ত পদপথৰ পৰা সাৱধান

0
1073

গুৱাহাটী মহানগৰত এতিয়া একাংশ উন্মুক্ত পদপথে পথচাৰী তথা নাগৰিকৰ জীৱনলৈ আনিছে ভাবুকি৷ একাংশ স্থানত উন্মুক্ত হৈ থকা পদপথে যিকোনো সময়তে বিপদৰ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ মহানগৰৰ একাংশ স্থানত দীৰ্ঘদিন ধৰি পদপথত শ্লেব বহুওৱাৰ কাম কৰা হ’ল যদিও একাংশ স্থানত শ্লেব বহুওৱাৰ কাম নকৰিলে৷ একাংশ স্থানত এতিয়াও মুকলিকৈয়ে আছে পদপথ৷ 
উল্লেখ্য যে গুৱাহাটী মহানগৰত জৰাজীৰ্ণ আৰু উন্মুক্ত অৱস্থাত থকা পদপথে এতিয়া পথচাৰীৰ জীৱনলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে৷ একাংশ অঞ্চলত থকা উন্মুক্ত আৰু শোচনীয় পদপথৰ বাবেই বিভিন্ন সময়ত বহুতো পথচাৰী আহত আৰু নিহত হ’বলগীয়া হৈছে৷ 
মহানগৰৰ আৰ জি বৰুৱা পথ, জি এছ ৰ’ড, চানমাৰি, শিলপুখুৰী, পাণবজাৰ, ফাঁচিবজাৰ, মালিগাঁও,  বামুণীমৈদাম, নুনমাটি, নাৰেংগী, হাতীগাঁও আদি বিভিন্ন ঠাইৰ একাংশ পদপথ এতিয়াও ভগ্নপ্ৰায়৷ অধিকাংশ পদপথৰ ওপৰভাগ দুৰ্বল হৈ পৰাৰ লগতে একাংশ পদপথ উন্মুক্ত হৈ আছে৷ এই পদপথসমূহৰ ওপৰেৰে পথচাৰীসকল অতি বিপজ্জনকভাৱে অহা-যোৱা কৰিবলগীয়া হয়৷ 
গুৱাহাটী মহানগৰত সম্প্ৰতি বৃদ্ধি পোৱা যান-বাহনৰ প্ৰতি লক্ষ্য ৰাখি পদপথসমূহৰ উন্নয়ন কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷ বৃদ্ধি পোৱা যান-বাহন আৰু যান-জঁটৰ বাবে পথচাৰীসকল পথেৰে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়৷
উন্মুক্ত পদপথৰ বাবে বিভিন্ন সময়ত সংঘটিত হৈ অহা ঘটনাই প্ৰমাণ কৰি আহিছে মহানগৰৰ জৰাজীৰ্ণ পদপথৰ শ্লেবে কঢ়িয়াই অনা বিপদ৷ গতিকে এই ক্ষেত্ৰত গুৰুত্ব দি অতি সোনকালে সকলোবোৰ ঠাইতেই জৰাজীৰ্ণ পদপথৰ শ্লেব নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল বিভাগে ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here