মহানগৰত অস্বাভাৱিক গতিতবৃদ্ধি পাইছে শব্দ প্ৰদূষণ

0
128

মহানগৰত সম্পূৰ্ণৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ আইন উলংঘা কৰা হৈছে৷ বায়ু, মাটি, আৰু পানী প্ৰদূষণৰ লগতে অস্বাভাৱিক গতিত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ৷ বিশেষকৈ যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে অধিক শব্দ প্ৰদূষণৰ সৃষ্টি হোৱাত অৰিহণা যোগাইছে৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ঔদ্যোগিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৭৫ ডেচিবল আৰু নিশাৰ ভাগত ৭০ ডেচিবলৰ ভিতৰত থাকিব লাগে৷ তেনেদৰে বাণিজ্যিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৬৫ ডেচিবল আৰু নিশাৰ ভাগত ৫৫ ডেচিবল, আৱাসিক এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৫৫ ডেচিবল আৰু নিশাৰ ভাগত ৪৫ ডেচিবল থকাৰ বিপৰীতে নীৰৱ এলেকাত শব্দৰ প্ৰাবল্য দিনৰ ভাগত ৫০ ডেচিবল আৰু নিশাৰ ভাগত ৪০ ডেচিবলৰ ভিতৰত থাকিলে বিশেষ প্ৰদূষণৰ সৃষ্টি নহয়৷ কিন্তু ইয়াতকৈ শব্দৰ প্ৰাবল্য অধিক বৃদ্ধি পালে স্বাভাৱিক পৰিৱেশত ব্যাপক প্ৰভাৱ পৰে৷ কিন্তু মহানগৰৰ অধিকাংশ অঞ্চলতে এতিয়া শব্দৰ প্ৰাবল্য অধিক বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চলোৱা কেইবাটাও সমীক্ষাত এই কথা পোহৰলৈ আহিছে৷ গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে গুৱাহাটী মহানগৰত সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আইন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here