মজবুত-দীঘল চুলি পাবলৈ ঘিউ কিদৰে ব্যৱহাৰ কৰিব ?

0
233

চুলিৰ বিভিন্ন সমস্যাৰ কাৰণে বহু সময়ত সন্দিহান হোৱা দেখা যায়৷  চুলি সৰা, চুলি পকা, উফি আদিৰ সমস্যাই আমাক আহুকালত পেলায়৷ এইবোৰ সমস্যা সমাধান কৰাৰ বাবে বহুতেই বিভিন্ন ব্যৱস্থা হাতত লয় যদিও প্ৰায় ক্ষেত্ৰতে বিফল হোৱা দেখা যায়৷ চুলিৰ সকলো ধৰণৰ সমস্যাৰ বাবে ঘিউ ব্যৱহাৰ কৰিব পাৰে৷ ঘিউত এনে কিছুমান উপাদান আছে, যিয়ে চুলি সকলো সমস্যাৰ সমাধান দিব পাৰে৷ জানো আহক চুলিৰ সুৰক্ষাৰ বাবে ঘিউ কিদৰে ব্যৱহাৰ কৰিব৷
এটা পাত্ৰত বিশুদ্ধ ঘিউ লৈ ভালদৰে ফেটি লওক৷ এতিয়াৰে আঙুলিৰে এই ঘিউখিনিৰে লাহে লাহে স্ক্ৰাব কৰক৷ তাৰ পাছত এই ঘিউৰে গোটেই চুলিখিনিত মাচাজ কৰিব৷ ১৫ মিনিটমান এনেদৰে ৰখাৰ পাছত চুলিখিনি ছেম্পুৰে ধুই দিব৷ সপ্তাহত দুদিন এনেদৰে কৰিলে উফি দূৰ হ’ব৷
চুলিৰ বৃদ্ধিত ঘিউ উপকাৰী৷ এটা পাত্ৰত ঘিউ লৈ তাত পিঁয়াজৰ ৰস মিহলাই লওক৷ এই মিশ্ৰণটো চুলিত ভালদৰে আঙুলিৰে লগাই পোন্ধৰ মিনিটমান পাছত ছেম্পুৰে ভালদৰে চুলিখিনি ধুই দিব৷ সপ্তাহত দুবাৰমান এই মিশ্ৰণটো লগালে চুলি গজাত সহায়ক হয়৷
আমলখিৰ ৰসৰ সৈতে অলপমান ঘিউ মিশ্ৰণ কৰি এটা পেষ্ট তৈয়াৰ কৰি ল’ব৷ এতিয়া এই মিশ্ৰণটো ভালদৰে চুলি লগাই কিছু সময় পাছত মূৰটো ধুই দিয়ক৷ সপ্তাহত দুবাৰমান এনেদৰে লগালে চুলি সৰাৰ সমস্যা নাইকিয়া হোৱাৰ লগতে চুলি ঘন আৰু ক’লা হয়৷
সাধাৰণতে শীতকালত প্ৰদূষণৰ ফলত চুলিৰ আৰ্দ্ৰতা নোহোৱা হৈ চুলি শুকান, ৰুক্ষ হৈ পৰে৷ এই সমস্যাৰ বাবে নাৰিকল তেলত অলপ ঘিউ মিশ্ৰণ কৰি চুলিত লগালে সমাধান পোৱা যায়৷ তাৰ বাবে পাত্ৰ এটাত নাৰিকল তেল লৈ তাত ঘিউ মিহলাই এটা মিশণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো আঙুলিৰে চুলিৰ গুৰিবোৰ ভালদৰে মাচাজ কৰিব৷ অলপ সময় ৰাখি চুলিখিনি ছেম্পুৰে ভালদৰে ধুই দিব৷ সপ্তাহত এইদৰে অন্ততঃ দুবাৰমান কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here