মঙলৰ চৌম্বকক্ষেত্ৰত এক পৃথকস্ৰোত চিহ্নিত ভাৰতীয় বিজ্ঞানীৰ

0
120


মঙলৰ চৌম্বকক্ষেত্ৰৰ একাধিক বিচ্ছিন্ন একাকী তড়িৎ ক্ষেত্ৰৰ সন্ধান লাভ কৰিছে ভাৰতীয় বিজ্ঞানীয়ে৷ ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ জিঅ’মেগনেটিজম চমুকৈ আই আই জিৰ বিজ্ঞানীৰ দলটোৱে জানিবলৈ দিছে যে নাছাৰ ম্যাভেন নামৰ মহাকাশযানেৰে সংগৃহীত তথ্য বিশ্লেষণ কৰি মঙলৰ চৌম্বকক্ষেত্ৰৰ এই পৃথক স্ৰোত চিহ্নিত কৰে৷ এই সংক্ৰান্তত বিস্তৃত তথ্য প্ৰকাশিত হৈছে দ্য এষ্ট্ৰোফিজিকেল জাৰ্নাল নামৰ গৱেষণাপত্ৰত৷ গৱেষণাপত্ৰত প্ৰকাশিত তথ্য অনুসৰি ম্যাভেন মহাকাশযানখন ২০১৫ চনৰ ফেব্ৰুৱাৰীত পাঁচবাৰ মঙল গ্ৰহলৈ পঠোৱা হৈছিল৷ তাত ৪৫০টা বিচ্ছিন্ন স্ৰোত লক্ষ্য কৰিছিল৷ পৃথিৱী আৰু অন্য গ্ৰহৰ চাৰিওফালে এই আয়নিত কণাৰ স্ৰোতে বিভিন্ন তড়িৎ চুম্বকীয় আৰু স্থিৰ তড়িৎ স্ৰোত দেখা পোৱা যায়৷ এইধৰণৰ আয়নিত কণাৰ স্ৰোতক লৈ বহু গৱেষণা চলি আহিছে৷ বিজ্ঞানীৰ মন্তব্য পৃথিৱী এটা বিশালাকায় চুম্বক৷ এই চুম্বকক্ষেত্ৰত দ্ৰুতগতিৰ আয়নিত কণৰা স্ৰোতে আমাক ৰক্ষা কৰে৷ সৌৰজগতৰ সূৰ্যৰ পৰা অনৱৰত এই আয়নিত কণাৰ স্ৰোত নিঃসৃত হৈ থাকে৷ কিন্তু ৰঙাগ্ৰহ মঙলৰ তেনে শক্তিশালী চৌম্বকক্ষেত্ৰ নাই৷ যাৰ ফলত মঙলৰ বায়ুমণ্ডলৰ সৈতে ক্ৰমাগত সংঘৰ্ষ চলে দ্ৰুতগতিসম্পন্ন সৌৰবায়ুৰ৷ ইয়াৰ ফলতে বিচ্ছিন্ন স্ৰোতৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here