ভৰিৰ নখৰ ৰঙৰ অস্বাভাৱিক সলনি হৈছে নেকি ? Noticing unusual change in the colour of your toe nails?

0
1362

কলেষ্টৰেল আচলতে কি? কলেষ্টৰেল হ’ল একধৰণৰ ফেটি পদাৰ্থ, যি যকৃতত উৎপন্ন হয়৷ লাইপোপ্ৰ’টিনৰ মাধ্যমেৰে শৰীৰৰ বিভিন্ন অংশলৈ কলেষ্টৰেল সম্প্ৰসাৰিত হয়৷ স্বাভাৱিক অৱস্থাত থাকিলে কলেষ্টৰেলে হৰমন নিয়ন্ত্ৰণ আৰু শৰীৰত নতুন কোষ তৈয়াৰ কৰাত সহায় কৰে৷ কিন্তু শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে অথবা ফেটৰ পৰিমাণ বহুত বেছি হ’লে কলেষ্টৰেলৰ লগত মিহলি হৈ ল’ ডেনচিটি লাইপোপ্ৰ’টিন বা LDL হৈ যায়, তেতিয়া কলেষ্টৰেল শৰীৰৰ পক্ষে অধিক ক্ষতিকাৰক হৈ উঠে৷ দৈনিক খাদ্য তালিকাত যদি অস্বাস্থ্যকৰ ফেটৰ পৰিমাণ বেছি হয় আৰু যদি সেই অনুযায়ী শৰীৰচৰ্চা কৰা নহয়, তেনেহ’লে কলেষ্টৰেলৰ মাত্ৰা বহুগুণে বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে৷
কলেষ্টৰেলৰ মাত্ৰা যেতিয়া শৰীৰত অত্যধিকভাৱে বাঢ়ি যায়, তেতিয়া শৰীৰত কোনো ধৰণৰ লক্ষণ দেখা নাযায়৷ সেই কাৰণে নিয়মিতৰূপে তেজ পৰীক্ষা কৰি শৰীৰত কলেষ্টৰেলৰ মাত্ৰাৰ ওপৰত নজৰ দিয়াটো ভাল৷

High cholesterol symptoms: Signs of heart disease to lower cholesterol include pain in leg | Express.co.uk


কলেষ্টৰেলৰ মাত্ৰা অধিক বাঢ়ি গ’লে ভৰিৰ লিগামেণ্টত প্ৰভাৱ পৰে৷ ভৰিৰ ধমনীবোৰ সৰু হৈ গ’লে ভৰিৰ তলৰ অংশত অক্সিজেন সৰবৰাহ ঠিকমতে হ’ব নোৱাৰে৷ সেয়ে ভৰিৰ বিষ অনুভৱ হয় আৰু ভৰি দুখন সহজে ক্লান্ত হৈ পৰে৷ ভৰিৰ অসম্ভৱ যন্ত্ৰণা হয়, ভৰি আৰু উৰুৰ মাজৰ অংশত বিষ হয়, খোজ কাঢ়িলে বিষৰ মাত্ৰা বাঢ়ি যায়৷ আনকি অকণমান খোজ কাঢ়িলেও অসহ্য বিষ অনুভৱ হয়৷ ভৰিৰ এনেধৰণৰ লক্ষণে দেখা দিলে আপুনি সাৱধান হোৱা উচিত, কিয়নো আপোনাৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িব পাৰে৷ ইয়াৰ উপৰি ঠিকমতে ৰক্ত সঞ্চালন নোহোৱাৰ ফলত শোৱাৰ সময়ত ভৰিৰ পতা বা আঙুলিবোৰ হঠাৎ টানি ধৰিব পাৰে৷

Why are my toenails yellow: Causes and treatment

তেজৰ সৰবৰাহত ব্যাঘাত জন্মিলে ভৰিৰ আঙুলিৰ ৰঙৰ পৰিৱৰ্তন হ’ব পাৰে, ভৰিৰ নখৰ ৰঙৰ অস্বাভাৱিক সলনি হ’ব পাৰে শৰীৰত কলেষ্টৰেল মাত্ৰা বঢ়াৰ ফলত৷
এনেধৰণৰ লক্ষণে দেখা দিয়া মাত্ৰকে সাৱধান হওক, কিয়নো শৰীৰত কলেষ্টৰেলৰ পৰিমাণ বাঢ়িলে এইবোৰ লক্ষণে দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here