ভয়াৱহ ভৱিষ্যতৰ ইংগিত সোৱণশিৰিৰ বান্ধেৰে বাগৰিছে পানী

0
177

গেৰুকামুখত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য যিমানেই ক্ষিপ্ৰ গতিত আগবাঢ়িছে, সিমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজ আতংকিত হৈ পৰিছে৷ প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হ’ল৷ কিন্তু এতিয়াও প্ৰকল্পটোক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি অৰুণাচল পাহাৰত মুষলধাৰ বৰষুণ অব্যাহত আছে৷ ফলত সোৱণশিৰি নদী বিপজ্জনকভাৱে ওফন্দি উঠিছে৷   
নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত প্ৰকল্পটোৰ মূল বান্ধেৰে বৰ্তমান হোৰাহোৰে বাগৰিছে পানী৷ পানীৰ তীব্ৰ সোঁতে নামনিৰ নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলীত ভয়ংকৰভাৱে খহিছে পাহাৰ৷ ৰাইজৰ মতে এয়া ভয়ংকৰ বিপদৰ আগজাননী৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে৷ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা বুলি এন এইচ পি চিয়ে যিমানেই দম্ভালি নামাৰক কিয় তেওঁলোকে ৰুষ্ট  প্ৰকৃতিক বাধা দি ৰাখিব কেতিয়াও নোৱাৰে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ-বিৰোধী দল-সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠক আৰু বৈঠকৰ সিদ্ধান্তকো অংগুষ্ঠ প্ৰদৰ্শন কৰি এন এইচ পি চিয়ে বান্ধ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগুৱাই নিয়া বুলিও ৰাইজে অভিযোগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here