ভয়ংকৰ তথ্য ! উত্তৰ-পূবৰ প্ৰদূষিত চহৰৰ শীৰ্ষত গুৱাহাটী

0
284

চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ এক সমীক্ষাত পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ প্ৰদূষণক লৈ ভয়ংকৰ তথ্য৷ তথ্য অনুসৰি, ২০২১-২২ বৰ্ষৰ বৰ্ষাকালৰ বায়ুৰ গুণগত মান বিশ্লেষণত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদূষিত চহৰসমূহৰ ভিতৰত গুৱাহাটীয়ে শীৰ্ষস্থান দখল কৰিছে৷ অসংখ্য যান-বাহনৰ চলাচল, কল-কৰখানাৰ পৰা নিৰ্গত ধোঁৱা, ধূলি আদিয়ে গুৱাহাটী মহানগৰৰ বায়ুমণ্ডল অস্বাভাৱিকভাৱে প্ৰদূষিত কৰিছে৷ বিগত এমাহ ধৰি গুৱাহাটীৰ জলবায়ুয়ে প্ৰতিদিনে ক্ৰমান্বয়ে শোচনীয় দিশলৈ গতি কৰিছে এয়াৰ কোৱালিটি ইনডেক্সত৷ যাৰ বাবে এতিয়া ভয়াৱহ হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল৷ বায়ুমণ্ডল উদ্বেগজনকভাৱে প্ৰদূষিত হোৱাৰ সমান্তৰালভাৱে গুৱাহাটীবাসীৰ স্বাস্থ্যৰ প্ৰতিও ভয়ংকৰ ভাবুকি আহি পৰিছে৷ এনে প্ৰদূষণৰ ফলত শুকান  কাহ, চৰ্দি আদি হ’ব পাৰে৷ উশাহ-নিশাহত কষ্ট, ছালৰ বিভিন্ন ৰোগ আদিৰ সমস্যাই দেখা দিব পাৰে৷ এনে প্ৰদূষণ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক বুলি বিশেষজ্ঞসকলে  মত ব্যক্ত কৰিছে৷ আনহাতে এইদৰে গুৱাহাটীত হোৱা জলবায়ুৰ পৰিৱৰ্তন, ভয়ানকভাৱে বৃদ্ধি পোৱা কাৰ্বনৰ মাত্ৰা আদিয়ে তাপমাত্ৰাতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে বিগত দিনত অস্বাভাৱিকভাৱে তাপমান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here