ভিটামিন-বি১২ৰ অভাৱজনিত অসুবিধাসমূহ আৰু প্ৰতিকাৰ

0
639

যিদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ আৰু শক্তিশালী শৰীৰৰ বাবে ভিটামিন এ, বি, চি আৰু ডি প্ৰয়োজন, ঠিক একেদৰে স্বাস্থ্যৱান শৰীৰৰ বাবে ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ। যদি ই শৰীৰত পৰ্যাপ্ত পৰিমাণত থাকে, তেনেহলে ৰোগবোৰে সহজে মানুহক আগুৰি ধৰিব নোৱাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে কৈছে যে ভিটামিন বি ১২ হৈছে স্মৃতিশক্তিৰ এক উৎকৃষ্ট উপাদান আৰু এনে এক অত্যাৱশ্যকীয় পুষ্টি যি মানুহৰ সুস্বাস্থ্যৰ বাবে অতি উপযোগী।
যদি মানুহে ভিটামিন বি ১২ ৰ বাবে প্ৰয়োজনীয় খাদ্য গ্ৰহণ নকৰে, তেনেহ’লে এইটো মুখ্য কাৰণ হ’ব পাৰে। এইচ আই ভিৰ দৰে বিপদজনক ৰোগৰ বাবে, শৰীৰত ভিটামিন বি ১২ শোষণ কৰা সম্ভৱ নহয়। কিছুমান বেয়া বেক্টেৰিয়া, এণ্টিবায়টিক, অস্ত্ৰোপচাৰ আদি এই ভিটামিনৰ অভাৱৰ কাৰণ হ’ব পাৰে।
ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ ঃ

  • মূৰ ঘূৰোৱা
  • ভোক নলগা
  • ছাল শেঁতা পৰা
  • সঘনাই স্বভাৱ সলনি হোৱা
  • অত্যধিক চাপ
  • বহুত ভাগৰি পৰা
  • কঁপনি হোৱা
  • হাত-ভৰিৰ জিনজিননি
    -দ্ৰুতগতিত হৃদস্পন্দন
  • পেশীৰ দুৰ্বলতা
    ভিটামিন বি-১২ অভাৱৰ ফলত হ’ব পৰা ৰোগ ঃ
    ১.পাহৰি যোৱা আৰু বিভ্ৰান্তিত থকাৰ দৰে সমস্যা হোৱাৰ আশংকা বৃদ্ধি হোৱা
    ২. হাড়ত বিষৰ সমস্যা
    ৩. স্নায়ুতন্ত্ৰ বেয়াকৈ প্ৰভাৱিত হোৱা
    ৪. শৰীৰৰ প্ৰতিটো অংশলৈ তেজ পৰিবহন কৰাত সমস্যা হোৱা স্বাস্থ্যৰ বাবে ভিটামিন বি-১২ প্ৰয়োজনীয়তা ঃ
    • ভিটামিন বি-১২-ৰ অভাৱৰ বাবে মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰ বেয়াকৈ প্ৰভাৱিত হয়।
    • গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলক যথেষ্ট পৰিমাণৰ ভিটামিন বি-১২ৰ প্ৰয়োজন হয়।
    • ভিটামিন বি-১২-ৰ অভাৱৰ ফলত ডিমেনচিয়া হ’ব পাৰে।
    • এই অত্যাৱশ্যকীয় ভিটামিনৰ অভাৱৰ ফলত হাড় আৰু গাঁঠিত বিষ হয়।
    • শৰীৰত ৰক্তহীনতাৰ আশংকা বৃদ্ধি কৰে।
    • শৰীৰত শক্তি উৎপাদনৰ বাবে ভিটামিন বি ১২ অতি প্ৰয়োজনীয়।
    যদি কাৰোবাৰ এই ভিটামিনৰ অভাৱ হৈছে, তেন্তে এইবোৰ খাদ্য গ্ৰহণ কৰি ভিটামিন বি ১২ৰ অভাৱ সহজে পূৰণ কৰিব পাৰে।
    ১. চীজ
    ২. ওটচ আৰু গাখীৰ
    ৩. ব্ৰকলি
    ৪. কাঠফুলা
    ৫. মাছ
    ৬. কণী
    ৭. ছয়াবিন
    ৮. দৈ

LEAVE A REPLY

Please enter your comment!
Please enter your name here