ভাৰত হৈছে বিশ্বৰ বৃহত্তম দুগ্ধ উৎপাদক ঃ মোদী

0
1040

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে বছৰি ৮.৫ লাখ কোটি টকাৰ গাখীৰ উৎপাদন কৰে৷ ই হৈছে ঘেঁহু আৰু চাউলে কৰা ব্যৱসায়তকৈ বেছি৷ তেওঁ আৰু কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ গো পালকসকল হৈছে গাখীৰ উৎপাদন খণ্ডৰ পৰা সৰ্ববৃহৎ হিতাধিকাৰী৷ বনাসকাণ্ঠা জিলাৰ দিয়োদাৰত বনাস ডেইৰীৰ এটা নতুন গাখীৰ উৎপাদন কমপ্লেক্স আৰু আলুৰ পৰা তৈয়াৰ কৰা খাদ্যৰ এটা প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমবায়ভিত্তিক দুগ্ধোৎপাদন কেন্দ্ৰই ক্ষুদ্ৰ গোপালক, বিশেষকৈ মহিলাক সবলীকৰণ কৰে আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰে৷ তেওঁ কয় যে বৰ্তমান ভাৰত হৈছে বিশ্বৰ বৃহত্তম দুগ্ধ উৎপাদক৷ কোটি কোটি গো পালকৰ জীৱিকা গাখীৰৰ ওপৰত নিৰ্ভৰশীল৷ আনহাতে ভাৰতে বছৰি ৮.৫ লাখ কোটি টকাৰ গাখীৰ উৎপাদন কৰে৷ এই কথাটোত প্ৰখ্যাত অৰ্থনীতিবিদকে ধৰি বহুতেই মনোযোগ দিয়াত বিফল৷ ইয়াৰ বিপৰীতে, আনকি ঘেঁহু আৰু চাউলৰ বিক্ৰীও ৮’৫ লাখ কোটি টকা নহয়৷ ৬০০ কোটিতকৈ অধিক টকাৰে নিৰ্মাণ কৰা বনাস ডেইৰীৰ নতুন গাখীৰ উৎপাদন কমপ্লেক্সত দৈনিক ৩০ লাখ লিটাৰ গাখীৰ, ৮০ টন মাখন, এক লাখ লিটাৰ আইচক্ৰীম, ২০ টন কনডেন্‌ছড মিল্ক আৰু ৬ টন চকলেট উৎপাদন হ’ব৷ আনহাতে আলুৰ প্ৰকল্পটোত ফ্ৰেন্স ফ্ৰাই, পটেট’ চিপছ, আলু টিক্কি আদি তৈয়াৰ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here