ভাৰত হ’ব বিশ্বৰ দ্ৰুত বিকাশৰ প্ৰধান অৰ্থনীতি কোনে কৰিলে এই পূৰ্বানুমান ?

0
1212

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে (আই এম এফ) ২০২২-২০২৩ চনৰ বাবে ভাৰতৰ বিকাশ ৮.২ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰে৷ ইয়াৰ ফলত ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশৰ প্ৰধান অৰ্থনীতি হ’ব৷ এই বিকাশ চীনৰ ৪.৪ শতাংশ বিকাশতকৈ দুগুণ বেছি৷ 
২০২২ চনত বিশ্বজুৰি বিকাশ পূৰ্বানুমান কৰা হৈছে ৩.৬ শতাংশ৷ ২০২১ চনত ই আছিল ৬.১ শতাংশ৷ বাৰ্ষিক ৱৰ্ল্ড ইক’নমিক আউটলুকত এই কথা কোৱা হয়৷ প্ৰতিষ্ঠানটোৱে যোৱা বছৰতকৈ ভাৰতৰ বিকাশৰ হাৰৰ পূৰ্বানুমান ০.৮ শতাংশ হ্ৰাস কৰিছে৷ 
২০২১ চনত আই এম এফে ভাৰতৰ বিকাশৰ হাৰ ৮.৯ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছিল৷ আনহাতে ২০২৩ চনত ভাৰতৰ বিকাশৰ হাৰ ৬.৯ শতাংশ হ’ব বুলি আই এম এফে পূৰ্বানুমান কৰিছে৷ ইউক্ৰেইন যুদ্ধৰ বাবে হোৱা শক্তি আৰু খাদ্য সামগ্ৰীৰ উচ্চ দামৰ বাবেই ২০২৩ চনত বিকাশৰ হাৰ হ্ৰাস পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here