ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ কিমান শতাংশলৈ হ্ৰাস পালে জানেনে ?

0
193


আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে [আই এম এফ] ২০২২ চনত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৬.৮ শতাংশলৈ হ্ৰাস কৰে৷ ২০২২ চনৰ এপ্ৰিলত আৰম্ভ হোৱা বিত্তীয় বৰ্ষটোৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৭.৪ শতাংশ হ’ব বুলি জুলাইত আই এম এফে পূৰ্বানুমান কৰিছিল৷ সেই পূৰ্বানুমানো এইবছৰৰ জানুৱাৰীত কৰা পূৰ্বানুমান ৮.২ শতাংশতকৈ কম আছিল৷ ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশ আছিল ৮.৭ শতাংশ৷ আই এম এফে প্ৰকাশ কৰা ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ প্ৰতিবেদনত কয় যে জুলাইৰ পূৰ্বানুমানতকৈ ৮.৬ শতাংশ হ্ৰাস কৰি ২০২২ চনত ভাৰতত অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৮ শতাংশ কৰা হৈছে৷ ইফালে বিশ্বৰ অৰ্থনৈতিক বিকাশৰ হাৰৰ পূৰ্বানুমান ২০২১ চনৰ ৬ শতাংশৰ পৰা হ্ৰাস কৰি ২০২২ চনত ৩.২ শতাংশ আৰু ২০২৩ চনত ২.৭ শতাংশ কৰা হৈছে৷ ইফালে ২০২১ চনত চীনৰ বিকাশৰ হাৰ ৮.১ শতাংশ থকাৰ বিপৰীতে ২০২২ চনত বিকাশৰ হাৰৰ পূৰ্বানুমান কৰা হৈছে  ৩.২ শতাংশ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here