ভাৰতে বিশ্বৰ ২৩ শতাংশ গাখীৰ উৎপাদন কৰে : মোদী

0
215

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰ এণ্ড মাৰ্টতবিশ্ব দুগ্ধ উৎপাদন শীৰ্ষ সন্মিলন উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া এক্সপ’ চেণ্টাৰ এণ্ড মাৰ্টত এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ বিশ্ব দুগ্ধ উৎপাদন শীৰ্ষ সন্মিলন ২০২২ত গো-পালক, দুগ্ধ উৎপাদক তথা এই উদে্যাগৰ সৈতে জডি.তসকলৰ প্ৰতি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশত এতিয়া ডেইৰী কো-অপাৰেটিভ এক বিশাল নেটৱৰ্ক হৈছে৷ এই নেটৱৰ্কে দুই কোটি লোকৰ দ্বাৰা দিনে দুবাৰ গাখীৰ জমা কৰি গ্ৰাহকলৈ প্ৰেৰণ কৰে৷ 
প্ৰধানমন্ত্ৰীয়ে কয় যে এই শীৰ্ষ সন্মিলনৰ পাছত ভাৰতত দুগ্ধ উৎপাদন আৰু ব্যৱসায় বৃদ্ধি পাব৷ ইয়াৰ ফলত দুগ্ধ উৎপাদনৰ সৈতে জডি.ত কৃষকসকলৰ লাভ হ’ব৷ তেওঁ আৰু কয় যে দুগ্ধ উৎপাদন উদে্যাগে দেশৰ জ্জ্ব কোটিতকৈ অধিক পৰিয়ালক কৰ্মসংস্থান দিছে৷ তেওঁ আৰু কয় যে ২০১৪ চনত ভাৰতত ১৪৬ মিলিয়ন টন দুগ্ধ উৎপাদন হৈছিল৷ এই পৰিমাণ বৃদ্ধি পাই এতিয়া হ’লগৈ ২১০ মিলিয়ন টন৷ মোদীয়ে কয় যে ভাৰতৰ এয়াই সফলতা যে বিশ্বৰ গাখীৰ উৎপাদনৰ ২৩ শতাংশ অৰ্থাৎ ২১০ মিলিয়ন টন ভাৰতে উৎপাদন কৰে৷  এই সন্মিলনত বিশ্বৰ ৫০খন দেশৰ ১৫০০ প্ৰতিনিধিয়ে যোগদান কৰিব৷ ইয়াত অংশগ্ৰহণ কৰিবলৈ ৮০০তকৈ অধিক কৃষকো আহিছে৷ সন্মিলনত ৯১জন বিদেশী আৰু ৬৫জন ভাৰতীয় বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here