ভাৰতে কিয় নিষিদ্ধ কৰিলে ৫৪টা চাইনীজ এপ্‌

0
350

দেশখনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চীনৰ ৫৪টা ম’বাইল এপ্লিকেশ্যন নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে পৰামৰ্শ দিছে৷ যোৱা ১৪ ফেব্ৰুৱাৰীত চৰকাৰী সূত্ৰই এই কথা কয়৷ ভাৰতত এই এপ্লিকেশ্যনবোৰ (এপ্‌ছ) নিষিদ্ধ কৰি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এখন আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব৷ এটা বিবৃতিত মন্ত্ৰ্যালয়ে কয় যে এই ৫৪টা এপ্লিকেশ্যনে বিভিন্ন গুৰুত্বপূৰ্ণ অনুমতি (ক্ৰিটিকেল পাৰমিছন) আৰু ব্যৱহাৰকাৰীসকলৰ স্পৰ্শকাতৰ তথ্য-পাতি সংগ্ৰহ৷ এইদৰে সংগ্ৰহ কৰা তথ্য-পাতিবোৰৰ অপব্যৱহাৰ কৰা হয় আৰু শত্ৰু ৰাষ্ট্ৰখনত অৱস্থিত ছাৰ্ভাৰবোৰলৈ প্ৰেৰণ কৰা হয়৷ নিষিদ্ধ কৰা এপবোৰৰ ভিতৰত আছে ছুইট ছেলফি এইচ ডি, বিউটি কেমেৰা-ছেলফি কেমেৰা, গাৰেনা ফ্ৰী ফায়াৰ– ইলুমিনেট, ভিভা ভিডিঅ’ এডিটৰ, টেনচেণ্ট ঝাইভাৰ, অনমায়োজি এৰিনা, এপ্লক আৰু ডুৱেল স্পেচ লাইট৷ উল্লেখ্য যে ইয়াৰ আগতে যোৱা বছৰৰ জুনত ভাৰতে টিকটককে ধৰি চীনৰ ৫৯টা ম’বাইল এপ্‌ নিষিদ্ধ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here