ভাৰতীয় ব্ৰ’কেন ৰাইচৰ শীৰ্ষ ক্ৰেতা কোন জানেনে ?

0
630

ক’ভিড-১৯ মহামাৰী কালছোৱাত চীন ভাৰতীয় চাউলৰ শীৰ্ষ ক্ৰেতা হৈ পৰিল৷ ২০২১-২২ বিত্তীয় বৰ্ষত চীনে ভাৰতৰ পৰা ১৬.৩৪ লাখ মেট্ৰিকটন চাউল আমদানি কৰে৷ ই হৈছে উক্ত বৰ্ষত ভাৰতে কৰা মুঠ ২১২.১০ লাখ মেট্ৰিকটন চাউলৰ ৭.৭ শতাংশ৷ বাণিজ্য বিশ্লেষণ তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই বিশ্লেষণে দেখুৱাইছে যে চীনে ভাৰতৰ পৰা আমদানি কৰা মুঠ ১৬.৩৪ লাখ মেট্ৰিকটন চাউলৰ প্ৰায় ৯৭ শতাংশ বা ১৫.৭৬ লাখ মেট্ৰিকটন আছিল খুদ [ব্ৰ’কেন ৰাইচ]৷ 
ইয়াৰ পৰা জানিব পাৰিছে যে দেশখনত খুদৰ চাহিদা বৃদ্ধি পাইছে৷ দৰাচলতে চীন হৈছে এতিয়া ভাৰতৰ খুদৰ [চাউল] শীৰ্ষ ক্ৰেতা৷ আগতে ভাৰতৰ পৰা খুদ বেছিকৈ ৰপ্তানি হৈছিল আফ্ৰিকাৰ দেশবোৰলৈ৷ ২০২১-২২ চনত ভাৰতৰ পৰা মুঠ চাউল [বাচমতি আৰু অবাচমতি] ৰপ্তানি হৈছিল ২১২.১০ লাখ মেট্ৰিকটন৷ ই হৈছে পূবৰ্ৰ বিত্তীয় বৰ্ষতকৈ ১৯.৩০ শতাংশ বেছি৷ ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা ১৭৭.৭৯ লাখ মেট্ৰিকটন চাউল ৰপ্তানি হৈছিল৷ একে সময়তে চীনলৈ ভাৰতৰ চাউল ৰপ্তানি ৩৯২.২০ শতাংশ বৃদ্ধি পালে ৩.৩১ লাখ মেট্ৰিকটনৰ পৰা ১৬.৩৪ মেট্ৰিকটনলৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here