ভাৰতত ২০৩০ চনত কিমান লোক ক্ষুধাৰ চিকাৰ হ’ব ?

0
269

শেহতীয়াভাৱে প্ৰকাশিত এক প্ৰতিবেদনক লৈ ভাৰতীয় জনসাধাৰণৰ যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ২০৩০ চনলৈকে ভাৰতবৰ্ষত ৭.৪ কোটি লোক ক্ষুধাৰ চিকাৰ হ’ব৷ বিশ্ব খাদ্য নীতি প্ৰতিবেদন-২০২২ত এই কথা প্ৰকাশ পাইছে৷
ইণ্টাৰনেশ্যনেল ফুড পলিচি ৰিছাৰ্চ ইনষ্টিটিউটে প্ৰকাশ কৰা প্ৰতিবেদনখনক লৈ এতিয়া গোটেই দেশতে উদ্বেগৰ সৃষ্টি কৰিছে৷ প্ৰতিবেদনখন মতে ২০৫০ চনলৈ বিশ্বৰ কেইবা কোটি লোক দুৰ্ভিক্ষ বা ক্ষুধাৰ বলি হ’ব৷ 
উল্লেখ্য যে ২০২১ চনৰ বিশ্ব ক্ষুধা সূচকাংকত ১১৬খন দেশৰ ভিতৰত ভাৰতৰ আছিল ১০১৷ আনহাতে প্ৰতিবেদনখনৰ মতে ১৯৯০-২০১৮ চনৰ ভিতৰত প্ৰতিবছৰে কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণ  যথেষ্ট হাৰত বৃদ্ধি পোৱাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ মাত্ৰা বাঢ়িছে৷ এই কথাই প্ৰমাণ কৰে যে ভাৰতত ক্ষুধাৰ অৱস্থা অতি গুৰুতৰ৷ 
এইদৰে দুৰ্ভিক্ষ বা ক্ষুধাৰ্তৰ সংখ্যা বৃদ্ধিয়ে দেশখনলৈ অশনি সংকেত নমাই আনিছে৷ ইয়াৰ মূল কাৰণ হিচাপে অবাধ হাৰত বন ধ্বংস, জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন, তাৰ ভিতৰত অভাৱনীয় হাৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন, মানুহৰ অবিবেচকী কাণ্ডৰ ফলস্বৰূপে খাদ্য-শস্যৰ উৎপাদনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ 
এই প্ৰভাৱত গাঢ়তা দিনক দিনে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ তদুপৰি উষ্ণতা বৃদ্ধি, বৰষুণৰ পৰিমাণ হ্ৰাস, বতৰৰ ব্যাপক পৰিৱৰ্তন আদিয়ে কৃষিক্ষেত্ৰত কুপ্ৰভাৱ পেলাইছে৷ ফলত কৃষি উৎপাদন হ্ৰাস পাইছে৷ ইয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষত ভোগা লোকৰ সংখ্যা বৃদ্ধি কৰিছে৷ অনাগত দিনত ইয়াৰ পৰিৱৰ্তনৰ হকে কঠোৰ পদক্ষেপ লোৱাৰ সময় আহি পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here