ভাৰতত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ৰবটিক ৰিনেল ট্ৰেন্সপ্লাণ্ট সম্পন্ন

0
243

এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতাল, কলকাতাই পূব ভাৰতত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ৰবটিক ৰিনেল ট্ৰেন্সপ্লাণ্ট সম্পন্ন কৰিছে৷ পাৰম্পৰিক কিডনী সংৰোপণত দাতাৰ কিডনী ৰোগীজনৰ পেটৰ তলৰ ফালে ৮-১০ ইঞ্চি কাটি লগোৱা হয়৷ 
কিন্তু ৰবটিক সংৰোপণত কেৱল ১-২ ইঞ্চি কটা হয় আৰু পেটৰ ভিতৰত ভৰাই দিয়াৰ বাবে ৰক্ত বাহিকাসমূহ জোৰা লগাবলৈ কিছুমান কী ফুটা [key holes) কৰা হয়৷ এগৰাকী ২৫ বছৰীয়া ৰোগী ক্ৰনিক ৰোগেৰে পীড়িত আছিল আৰু দীঘলীয়া সময় ধৰি ডায়েলাইছিছ কৰি আছিল৷ 
ৰোগীজনৰ এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতাল, কলকাতাত ডাঃ বিনয় মহিন্দ্ৰৰ তত্ত্বাৱধানত ৰবটিক ৰিনেল ট্ৰেন্সপ্লাণ্ট কৰোৱা হয়৷ 
ৰবটিক কিডনী ট্ৰেন্সপ্লেণ্টৰ সমগ্ৰ প্ৰক্ৰিয়াত চিকিৎসকে পেটৰ ভিতৰ প্ৰদৰ্শিত হোৱা মনিটৰৰ লগত কনছ’লত বহি ডাক্তৰ আৰু অপাৰেশ্যনৰ বাবে ডাক্তৰৰ টীমৰ সহায়ত ৰবটিক অস্ত্ৰোপচাৰ সামগ্ৰীৰ সহায় লোৱা হয়৷ এই ক্ষেত্ৰত উচ্চ ক্ষমতাসম্পন্ন থ্ৰী ডি কেমেৰা ব্যৱহাৰ কৰা হয়, যিটোৰ জৰিয়তে পেটত এটা ফুটা কৰা হয়৷ 
এপ’ল’ মাল্টিস্পেচিয়েলিটি হাস্পতাল, কলকাতাৰ কনছালটেণ্ট ইউৰ’ল’জি এণ্ড ৰবটিক ছাৰ্জন ডাঃ বিনয় মহিন্দ্ৰই ডাক্তৰৰ এটা দলৰ সহায়ত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে৷ তেওঁ কয় যে ট্ৰেন্সপ্লাণ্টৰ বাবে ৰবটিক ছাৰ্জাৰীৰ প্ৰাথমিক লাভ এইটোৱেই যে পেটটো সৰুকৈ কটা হয় আৰু ৰিক’ভাৰী খুব সোনকালে হয়৷ এই ছাৰ্জাৰীত বিষো কম হয়৷ লগতে সংক্ৰমণৰ সম্ভাৱনা কম তথা নোহোৱা দেখা যায়৷ এই প্ৰক্ৰিয়া হৃদয় বা হাওঁফাওঁৰ গভীৰ সমস্যা থকা ৰোগীসকলৰ বাহিৰে অন্য সকলোৰে বাবে উপযোগী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here