ভাৰতত গ্ৰীষ্ম প্ৰৱাহ অধিক শোচনীয় হ’ব

0
1417

যোৱা দুমাহত ভাৰত আৰু পাকিস্তানৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ অভূতপূৰ্ব, কিন্তু তাতোতকৈও বেয়া দিন সম্ভৱ সমাগত৷ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ বেছি হ’ব বুলি জলবায়ু বিজ্ঞানীসকলে সতৰ্কবাণী শুনাইছে৷ 
জলবায়ু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান বাৰ্কলে আৰ্থৰ মুখ্য বিজ্ঞানী ৰবাৰ্ট ৰোডে কয় যে গ্ৰীষ্ম প্ৰৱাহত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ বয়সস্থ দুখীয়া লোকসকলৰ মৃত্যু বেছি হ’ব৷ ভাৰতত গ্ৰীষ্ম প্ৰৱাহত মৃত্যুৰ হাৰ ১৯৮০ চনৰ পৰা ৬০ শতাংশৰো বেছি বাঢ়িছে৷ 
এই তথ্য ভাৰতৰ ধৰিত্ৰী বিজ্ঞান মন্ত্ৰ্যালয়ৰ৷ ৱৰ্ল্ড মেটিঅ’ৰজিকেল অৰ্গেনাইজেশ্যনৰ মুৰব্বী পি টালাছে কয় যে গ্ৰীষ্ম প্ৰৱাহৰ বিৰূপ প্ৰভাৱ কৃষি উৎপাদন, পানী, শক্তিৰ যোগান আৰু অন্যান্য খণ্ডত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে৷ বায়ুৰ মান নিম্নগামী হৈছে৷ 
জুই লগাৰ বিপদ বাঢ়িছে৷ বিদ্যুতৰ চাহিদা অত্যন্ত বৃদ্ধি পোৱাৰ কাৰণে যোগান আৰু চাহিদাৰ ভাৰসাম্য নোহোৱা হৈছে আৰু বিদ্যুৎ যোগান ব্যাহত হৈছে৷ গতিকে ভৱিষ্যতে উষ্ণতা অধিক বৃদ্ধি পালে কি হ’ব ভাবি চাবৰ হ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here