ভাৰতত এদিনতে কোৰোনাত আক্ৰান্ত ৯৫৭৩৫ জন

0
1621

১০ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ ৬ ছেপ্টেম্বৰত পৃথিৱীৰ সকলো দেশৰ ভিতৰত এদিনত সৰ্বাধিক সংখ্যক ক’ৰোনাক্ৰান্ত ৮৩,৮৩৮ হোৱাৰ পিছত আজি ভাৰতত এই সংখ্যা আকৌ বৃদ্ধি পায়। আজি ৯৫,৭৩৫ গৰাকী লোক নতুনকৈ ক’ভিড প’জিটিভ ধৰা পৰে।

আজিৰ দিনটোলৈএই পৰ্যন্ত ৪৪,৬৫,৮৬৩ গৰাকী লোক ক’ভিড প’জিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত ৩৪,৭১,৭৮৩ গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে দুখঃজনক্ভাৱে ৭৫,০৬২ গৰাকী লোকে ইহলীল সম্বৰণ কৰে। বৰ্তমানেও ৯,১৯,০১৮ গৰাকী ক’ভিড প’জিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।

কিন্তু আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ এয়ে যে কালি সৰ্বমুঠ ১১,২৯,৭৫৬ টা নমূনা পৰীক্ষা কৰাৰ ভিতৰত ৯৫,৭৩৫ গৰাকী লোক ক’ৰোনা প’জিটিভ ধৰা পৰে। পৃথিৱীত ক’ৰোনা  আৰম্ভ হোৱাৰ পৰা কোনো এখন দেশত এদিনত ধৰা পৰা প’জিটিভ ৰোগীৰ ইয়েই সৰ্বাধিক সংখ্যা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here