ভাৰতত আজিৰে পৰা আৰম্ভ কোৰোনাৰ পৰীক্ষামুলক ছিটাকৰণ। ইছ্ছ্যুক ব্যক্তিয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন

0
2569

২৪ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ক’ৰোনা সংক্ৰান্তীয় আন এক ভাল খবৰ।  ভাৰতত আজিৰে পৰা আৰম্ভ হ’ব পৰীক্ষামূলক ছিটা প্ৰদান প্ৰক্ৰিয়া। উল্লেখ্য যে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ লগতে ছুইডিছ-বৃটিছ সংস্থা অষ্ট্ৰাজেনেকাৰ যৌথ প্ৰচেষ্টাত ভাৰতত ক’ৰোনা ভাইৰাচৰ ভেকচিনৰ গৱেষনা চলাই আছে। শেহতীয়া ঘোষণা অনুসৰি অহা ৫৮ দিনৰ পিছত বজাৰত উপলব্ধ হ’ব লগা ক’ভিশ্বিল্ড নামৰ এই ভেকচিন ভাৰতত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে। প্ৰথম খেপত ৬৮ কোটি ড’জ প্ৰস্তুতৰ যো-জা চলোৱা ক’ভিশ্বিল্ডৰ দিত্বীয় পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি বিদ্যা ভাৰতী, পুনেৰ পৰা আৰম্ভ হ’ব। দেশৰ ১৭ টা স্থানৰ সৰ্বমুঠ ১৬০০ মানুহৰ গাত  পৰীক্ষামূলকভাৱে ছিটা প্ৰদান কৰিবলগীয়া এই প্ৰক্ৰিয়াত কোনো লোকে স্বেচ্ছাই অংশ গ্ৰহণৰ বাবে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে বুলি সংশ্লিষ্ট মহলে জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here