ভাত খোৱাৰ লগে লগে পানী খায় নেকি? Do you drink water along with your meal?

0
898
আমি জীয়াই থাকিবলৈ, শৰীৰ সুস্থ ৰাখিবলৈ পানীৰ বিকল্প একো নাই৷ শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰাৰ পৰা আৰম্ভ কৰি শৰীৰত অক্সিজেনৰ যোগান ধৰালৈকে পানী অপৰিহাৰ্য৷ সেয়েহে দৈনিক ৩-8 লিটাৰ পানী সেৱন কৰাটো অত্যন্ত জৰুৰী৷ দেহৰ সুস্থতা নিৰ্ভৰ কৰে নিৰ্দিষ্ট সময়ত পানী সেৱন কৰাৰ ওপৰত৷ অৰ্থাৎ সময়মতে পানী খোৱাটো আৱশ্যক৷ আনহাতে ভুল পদ্ধতিত পানী সেৱন কৰিলে শৰীৰৰ বাবে ক্ষতিকৰ হ’ব পাৰে৷ এই ক্ষেত্ৰত খোৱাবস্তুৰ হজমৰ সমস্যা হ’ব পাৰে৷ ভাত খোৱাৰ একে সময়ত পানী খোৱাটো উচিতনে জানো আহক৷
drinking-water - ANARCHAK

বিশেষজ্ঞৰ মতে ভাত খোৱাৰ মাজে মাজে পানী খোৱাটো উচিত নহয়৷ আনকি খোৱাৰ আগে আগে বা খোৱাৰ ঠিক পাছতে পানী সেৱন কৰিলে হ’ব পাৰে হজমৰ সমস্যা৷ এই সময়ত পানী খালে গেষ্ট্ৰিক গ্ৰন্থিৰ সৈতে মিহলি হৈ যাব পাৰে৷ যাৰ ফলত ইয়াৰ কাৰ্যক্ষমতা কমি গৈ খাদ্য হজম হোৱাত বহু বেছি সময় লাগিব পাৰে৷ সেই কাৰণে খাদ্য খোৱাৰ অন্ততঃ আধা ঘণ্টা পাছতহে পানী খাব লাগে৷ অৱশ্যে কিছু শুকানজাতীয় খাদ্য পানী অবিহনে খালে গল শুকাই যাব পাৰে৷ এই ক্ষেত্ৰত সামান্য পৰিমাণৰ পানী খাব পাৰে৷ এনে অৱস্থাত আপুনি ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানী সেৱন কৰাটো ভাল৷ কিয়নো গৰম পানীয়ে খাদ্য হজম হোৱাত সহায় কৰে৷ এটা কথা মনত ৰখাটো ভাল যে পানী সেৱন কৰিলে লাহে লাহে সেৱন কৰিব লাগে৷ কেতিয়াও একেলেথাৰিয়ে খৰগতিত পানী সেৱন নকৰিব৷ এনে কৰিলে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here