ভয়ানক তথ্য : ভাৰতীয় মহিলাৰ উদ্বেগজনকভাৱে হ্ৰাস প্ৰজননৰ হাৰ

0
121

সাধাৰণতে সন্তান জন্ম দিব পৰা ঈশ্বৰিক ক্ষমতা থকা কাৰণে মাতৃক জন্মদ্বাত্ৰী বুলি কয়৷ প্ৰত্যেকগৰাকী মাতৃয়ে মাতৃত্বৰ আশাটো একমাত্ৰ আৰু অনন্য৷ মাতৃত্বৰ উমেৰে জীপাল হোৱা মাতৃগৰাকীয়ে ইয়াক লৈ গৌৰৱবোধ কৰে৷ কিন্তু শেহতীয়াভাৱে প্ৰকাশিত এক তথ্যই সকলোকে ভবাই তুলিছে৷ প্ৰকাশিত সমীক্ষাত পোহৰলৈ আহিছে যে ভাৰতীয় মহিলাসকলৰ সন্তান জন্ম দিয়াৰ আগ্ৰহ কমি আহিছে৷ ছেম্পল ৰেজিষ্টে˜শ্যন ছিষ্টেম চমুকৈ এছ আৰ এছৰ সমীক্ষাত দেখা হৈছে যে বিগত এটা দশকৰ ভিতৰত ভাৰতীয়সকলৰ মাজত সাৰ্বিক প্ৰজননৰ হাৰ বা জেনেৰেল ফাৰ্টিলিটি ৰেট ২০ শতাংশলৈ হ্ৰাস পাইছে৷  সাধাৰণতে ১৫১পৰা ৮৯ বথৰ বয়সৰ প্ৰতি এহেজাৰ মহিলাৰ সন্তান জন্মৰ হাৰক জেনেৰেল ফাৰ্টিলিটি ৰেট হিচাপে চিহ্নিত কৰিছে সংস্থাটোৱে৷ এই সমীক্ষাটোৰ পৰাই দেশ এখনৰ জনসংখ্যা ভৱিষ্যতে কি পৰ্যায়লৈ যাব এই সমীক্ষাৰ পৰা সেয়া নিৰ্ভৰ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here