বৰষুণৰ আগজাননীক লৈ কোন তিনিখন ৰাজ্যলৈ IMD-ৰ সতৰ্কবাণী

0
318

দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হোৱা এটা গভীৰ নিম্ন চাপে যোৱা ৯ মে’ত এটা প্ৰবল বা-মাৰলী ৰূপ লয় আৰু উত্তৰ-পশ্চিম দিশে উত্তৰ অন্ধ্ৰ প্ৰদেশ-ওড়িষা উপকূলৰ ফালে আগবাঢ়িছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে [IMD,আই এম ডি] এই কথা কয়৷ ‘অশনি’ নামৰ এই বা-মাৰলী ১০ মে’ত উত্তৰ অন্ধ্ৰ প্ৰদেশ-ওড়িষা উপকূলৰ ওচৰ পাবহি৷ 
আই এম ডিয়ে কয় যে অহা ২৪ ঘণ্টাত বা-মাৰলীৰ প্ৰকোপ চৰিব৷ ‘অশনি’ নামৰ এই বা-মাৰলী পূব মধ্য বংগোপসাগৰৰ পৰা ভাৰত-বাংলাদেশৰ উপকূলৰ ফালে আহিব আৰু তাৰ প্ৰভাৱত ওড়িষা, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশৰ কিছুমান অঞ্চলত ১০ মে’ৰ পৰা মজলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ 
বিভাগটোৱে কয় যে বা-মাৰলী অশনিয়ে ওড়িষা বা অন্ধ্ৰ প্ৰদেশৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা নাই, কিন্তু উপকূলৰ ওচৰৰ সাগৰেৰে সমান্তৰালভাৱে পাৰ হৈ যাব৷ সেয়ে হ’লেও ওড়িষা আৰু পশ্চিম বংগত সতৰ্কতা জাৰি কৰা হৈছিল৷ আই এম ডিয়ে কয় যে অশনিৰ গতি প্ৰতি ঘণ্টাত ৬০ কিল’মিটাৰৰ পৰা ১১৫ কিল’মিটাৰৰ ভিতৰত হ’ব৷ 
ইফালে বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগেও চট্টগ্ৰাম, কক্স বাজাৰ, মংগলা আৰু প্যাৰা বন্দৰত সতৰ্কতা জাৰি কৰিছে৷ বিভাগটোৱে কয় যে বা-মাৰলী অশনি উল্লিখিত বন্দৰকেইটাৰ পৰা ১১৭৫ কিল’মিটাৰৰ পৰা ১২৫৫ কিল’মিটাৰপৰ্যন্ত দূৰত্ব আছে আৰু ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰি বাংলাদেশৰ উপকূলৰ ফালে যোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here