বৰফৰ টুকুৰাৰে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰক

0
566
আপুনি আপোনাৰ ছালখন ধুনীয়াকৈ ৰাখিবলৈ কত কি যে নকৰে, তাৰ হিচাপ নাই৷ নহয় জানো? ছালৰ বিভিন্ন সমস্যা নিৰাময়ৰ বাবে আমি বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ কছমেটিক প্ৰডাক্ট ব্যৱহাৰ কৰোঁ৷ কিন্তু ইয়াত থকা কেমিকেলে আপোনাৰ ছালৰ যে ক্ষতি নকৰে, তাক নুই কৰিব নোৱাৰি৷ পিছে আপুনি ঘৰতে সহজতে উপলব্ধ বৰফৰ টুকুৰা সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি পাইছেনে? তেন্তে জানো আহক বৰফৰ টুকুৰা ছালত লগালে কি হয়৷

[১] বৰফৰ টুকুৰা মুখত লগালে তেজ চলাচল প্ৰক্ৰিয়া উন্নত হয়৷ ফলস্বৰূপে মুখৰ সতেজতা উন্নত হয়৷ আপুনি যদি বাহিৰৰ পৰা অধিক ভাগৰে-জোগৰে আহি পাইছে, তেন্তে বৰফৰ টুকুৰা মুখত লগাওক৷ ইয়াৰ ঠাণ্ডা ভাবে আপোনাৰ ছালৰ পৰা ভাগৰ, অৱসাদ দূৰ কৰি মুখৰ সতেজতা পুনৰ ঘূৰাই আনে৷ ইয়াৰ বাবে আপুনি পদিনাৰ ৰসৰ আইচকিউব ব্যৱহাৰ কৰিব পাৰে৷

Ice Cubes With Green Mint Leaves Isolated On White Background. Stock Photo, Picture And Royalty Free Image. Image 61201301.


[২] ছানবাৰ্ন প্ৰতিৰোধ কৰাতো বৰফৰ টুকুৰাই সহায় কৰে৷ ইয়াৰ বাবে আপুনি তিয়ঁহৰ ৰসৰ আইচকিউব ব্যৱহাৰ কৰিব পাৰে৷ নাইবা এলোভেৰা জেল ছালত লগাই তাৰ ওপৰত বৰফৰ টুকুৰা ঘঁহিব পাৰে৷

Fresh Cucumber Ice Cubes | Brighten & Wake Up Skin - YouTube


[৩] বৰফৰ টুকুৰাই ছালৰ তেলেতীয়া ভাব, পিম্পল্‌ছ, ব্লেমিছ নাইকিয়া কৰাতো সহায় কৰে৷ বৰফৰ টুকুৰা মুখত লগোৱাৰ ফলত ছালৰ ছিদ্ৰসমূহ সৰু হৈ যায়৷ ফলস্বৰূপে ছালৰ পৰা অধিক তেল উৎপন্ন হোৱা বন্ধ হয়৷


[৪] বৰফৰ টুকুৰা পিম্পল্‌ছৰ ওপৰত অলপ সময়ৰ কাৰণে ধৰি থাকিব লাগে৷ এনেধৰণে কৰাৰ ফলত পিম্পলৰ আকাৰ লাহে লাহে সৰু হ’বলৈ ধৰে আৰু এটা সময়ত ই প্ৰায় নাইকিয়া হৈ যায়৷

Ice Cube To Reduce Pimples | Reduce Pimples Ice Cube | Reduce Pimples Ice | Ice Help Pimples | Ice Reduce Pimple Redness | Rid of Pimple Redness Ice


[৫] মুখত পৰা বয়সৰ চাপ দূৰ কৰাতো বৰফৰ টুকুৰা কাৰ্যকৰী৷ ইয়াৰ বাবে গোলাপ জল নাইবা লেবেণ্ডাৰ অইলেৰে তৈয়াৰী আইচকিউব ৰাতি শোৱাৰ আগতে লগালে সুফল পোৱা যায়৷

Lavender Ice Cubes | Elise Museles

LEAVE A REPLY

Please enter your comment!
Please enter your name here