ব্লেক ফাংগাছ: তিনিটি শিশুৱে হেৰুৱালে চকু

0
582
কৰ’না মহামাৰীৰ পাছতে এতিয়া ব্লেক ফাংগাছে আতংকিত কৰিছে দেশবাসীক৷ বৰ্তমান ব্লেক ফাংগাছ অতি ভয়ংকৰ ব্যাধি হিচাপে চিহ্নিত হৈছে৷ এই ৰোগৰ আক্ৰমণত বহুতে লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ 

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ব্লেক ফাংগাছৰ মহামাৰী হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ চিকিৎসাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ এক বাতৰি মতে, কৰ’নাৰ পৰা সুস্থ হৈ উঠা তিনিটা শিশুৱে ব্লেক ফাংগাছত আক্ৰান্ত হৈ শৰীৰৰ অবিচ্ছেদ্য অংগ চকুযুৰি হেৰুৱাবলগীয়া হৈছে৷ বিৱৰণী মতে, মুম্বাইৰ তিনিখন হাস্পতালত পৃথকে পৃথকে ক্ৰমে 8, ৬ আৰু ১২ বছৰীয়া তিনিটি শিশুৱে ব্লেক ফাংগাছত আক্ৰান্ত হৈ নিজৰ চকুযুৰি হেৰুৱাবলগীয়া হয়৷ তিনিওটি শিশুৰে নষ্ট হোৱা চকু অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই আনিবলৈ সক্ষম হয়৷ বৰ্তমান শিশুকেইটা সুস্থ যদিও ব্লেক ফাংগাছৰ বাবে নিজৰ অমূল্য চকুযুৰি হেৰুৱাবলগীয়া হ’ল

LEAVE A REPLY

Please enter your comment!
Please enter your name here