ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ব্ৰহ্মাস্ত্ৰৰদৰে কাম কৰে নহৰুৱে

0
806

বৰ্তমান সময়ত ব্লাড ছুগাৰৰ সমস্যা এক ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে৷ প্ৰায়ভাগ লোকে এই ৰোগৰ চিকাৰ হৈছে৷ বিভিন্ন আনুষংগিক কাৰণ যেনে খাদ্যাভ্যাস, আৰামপ্ৰিয় জীৱন, শাৰীৰিক শ্ৰম নকৰা, ভেজাল খাদ্য সামগ্ৰী আদি নানা কাৰণত ছুগাৰত ভুগিবলগীয়া হৈছে৷ ডায়েবেটিছ আক্ৰান্ত এজন ব্যক্তিয়ে খুব সাৱধানে খাদ্য নিৰ্বাচন কৰিবলগীয়া হয়৷ কোনো কোনোৱে আকৌ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ইনছুলিন ল’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হয়৷ এই ৰোগ প্ৰতিৰোধ হেতু ঔষধ পোৱা যায় যদিও ঘৰুৱাভাৱেও ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ জানিব পৰা মতে নহৰুত আছে ডায়েবেটিছ নিয়ন্ত্ৰণৰ উপায়৷ ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ নহৰুৱে ব্ৰহ্মাস্ত্ৰৰ দৰে কাম কৰে৷ সেয়েহে ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে নগৰু খোৱা উচিত৷ নহৰুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, ফেট, ভিটামিন আৰু মিনাৰেল, ভিটামিন-বিৰ, ভিটামিন-বি২, ভিটামিন-ব্বি, ভিটামিন-বিপ্ত, ভিটামিন-বি৬, ভিটামিন-বিজ্ঝ, ভিটামিন-চি, কেলচিয়াম, আইৰন, মেগনেচিয়াম, মেংগানিজ, কেলচিয়াম, ফচফৰাছ, পটাচিয়াম দি পোৱা যায়৷  আনহাতে নহৰুত শক্তিশালী এণ্টিঅক্সিডেণ্ট তথা এণ্টিফাংগেলৰ বৈশিষ্ট্য ৰৈছে৷ জিংক, মেলেনিয়াম আদি খনিজ পদাৰ্থ নগৰুত যথেষ্ট পৰিমাণে পোৱা যায়৷ ইয়াত এলিচিন নামৰ চমৎকাৰ যৌগবিধৰ উপস্থিতিৰ বাবে গোন্ধ আৰু সোৱাদ অত্যন্ত তীব্ৰ৷ গৱেষণাৰ পৰা পোৱা মতে নহৰুৱে শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ টাইপ ২ ডায়েবেটিছ প্ৰতিৰোধৰ বাবে নহৰুৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে৷ যিহেতু নহৰু জিংক তথা প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, সেয়ে তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাত সহায় কৰে৷ আনহাতে ইয়াত থকা কাৰ্বহাইড্ৰেটে তাৎক্ষণিক বিপাক ক্ৰিয়া বৃদ্ধি ঘটায়৷ কাৰ্বহাইড্ৰেটৰ সমান্তৰালভাৱে ৰক্ত শৰ্কৰাৰ তীব্ৰভাৱে বৃদ্ধি ঘটায় নহৰু খোৱাৰ ফলত৷ এমিন’ এচিড হোমোছিষ্টাইন নামৰ এটা যৌগ ডায়েবেটিছ বঢ়াৰ কাৰণ হিচাপে দেখা যায়৷ দীৰ্ঘদিন নহৰু খোৱাৰ ফলত শৰীৰত এই যৌগবিধ কমি যায় বা নোহোৱা হয়৷ ফলত ডায়েবেটিছৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here