ব্যাৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো বাধ্যতামূলক || Placing dustbins in front of business establishments made mandatory

0
330
গুৱাহাটী মহানগৰীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম৷ গুৱাহাটী মহানগৰক জাবৰ-জোঁথৰৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত পুনৰ নতুন নিয়ম জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই৷ গুৱাহাটীৰ পৌৰ আয়ুক্তই গুৱাহাটী মহানগৰৰ প্ৰতিগৰাকী ব্যাৱসায়ীকে নিজৰ নিজৰ প্ৰতিষ্ঠানত বাধ্যতামূলকভাৱে ডাষ্টবিন ৰাখিবলৈ নিৰ্দেশনা দিছে৷ প্ৰতিষ্ঠানৰ সন্মুখৰ পৰা গুৱাহাটী পৌৰ নিগমে সেই ডাষ্টবিনৰ জাবৰসমূহ নিৰ্দিষ্ট সময়ত লৈ যাব বুলিও আয়ুক্তগৰাকীয়ে উল্লেখ কৰে৷ আনহাতে ব্যাৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলে ডাষ্টবিনত জাবৰ নেপেলাই যদি ৰাস্তাৰ মাজত পেলাই তেতিয়া ১০০ টকা জৰিমনা ভৰিব লাগিব৷ লগতে গুৱাহাটীক লেতেৰা কৰাৰ অভিযোগত অভিযুক্ত ব্যাৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে এজাহাৰো ৰুজু কৰিব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here