বেছি সময় পানীৰ সংস্পৰ্শত থাকিলে আঙুলিৰ ছাল কিয় শেঁতা পৰে ? Why does the skin of the fingers pale when in contact with water for a long time?

0
1706
আপুনি বহু সময় ধৰি কাপোৰ ধোৱা, মাছ মৰা, সাঁতোৰা বা বহু সময় পানীত হাত জুবুৰিয়াই ৰখা আদি কামবোৰ নিশ্চয় কৰিছে৷ পানীৰ পৰা উঠি অহাৰ পাছত দেখিব আপোনাৰ হাতৰ ছালবোৰ কোঁচ খাই গৈছে, বিশেষকৈ হাতৰ আঙুলিৰ ছালখিনি৷ সাধাৰণতে গৰম কালতকৈ শীতকালত এনে হোৱা দেখিবলৈ পোৱা যায়৷ কেতিয়াবা বহুত সময় গা ধুলেও এনেদৰে আঙুলিৰ ছাল কোঁচ খাব পাৰে৷ এইধৰণৰ সমস্যাই দেখা দিলে হাতখন অলপ গৰম কৰিলে পুনৰ আঙুলিৰ ছালখন স্বাভাৱিক অৱস্থাপ্ৰাপ্ত হয়৷ মূলতঃ শীতকালত আঙুলিৰ ছাল বেছিকৈ কোঁচ খায়৷ এতিয়া কথা হ’ল আঙুলিৰ ছালখন কিয় শোতোৰা পৰে, আমি বহুতেই হয়তো নাজানো৷ ই শৰীৰৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে যদিও কিয় এনেকুৱা হয় জানিলে আপুনিও অবাক হৈ যাব৷

Wrinkles Of Fingers Left In The Water, Wrinkled Fingertips Due To Water Stock Photo - Image of disease, concept: 176042694

আমাৰ ছালৰ উপৰিভাগত ছিবাম নামৰ এবিধ তৈলাক্ত পদাৰ্থ থাকে৷ এই ছিবাম নামৰ তৈল দ্ৰব্যবিধৰ কাম হ’ল ছালখনক সুৰক্ষা প্ৰদান কৰা৷ এইবিধ পদাৰ্থই ছালৰ আদ্ৰৰ্তা বজাই ৰাখে, যাতে ছালখন শুকান হৈ নাযায়৷ কিন্তু আমি যদি বহু সময় পানী ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া এই পদাৰ্থবিধ ছালৰ পৰা নাইকিয়া হৈ যায়৷ আৰু পানী আমাৰ ছালৰ মাজেৰে প্ৰৱেশ কৰিব পাৰে৷ ইয়াৰ ফলত আঙুলিৰ ছালখন কোঁচ খাই শোতোৰা-মোতোৰা পৰে৷ বিশেষজ্ঞসকলৰ মতে বেছি সময় পানীৰ সংস্পৰ্শলৈ অহাৰ ফলত আঙুলিৰ ছাল কোঁচ খোৱাটো এটা স্বয়ংক্ৰিয় স্নায়ৱিক প্ৰতিক্ৰিয়া৷ যদি হাত বা ভৰিৰ স্নায়ু কোনো কাৰণত ক্ষতিগ্ৰস্ত হৈছে, তেনেহ’লে শৰীৰৰ এইধৰণৰ পৰিৱৰ্তন দেখা পোৱা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here