বেছিকৈ খাদ্য খোৱাৰ ফলত পেট টানি ধৰে নেকি? Feel uneasy in the stomach due to overeating?

0
304
কেতিয়াবা সন্মুখত ভাল খাদ্য থাকিলে লোভ সামৰিব নোৱাৰি অধিক খোৱা যায়৷ বিশেষকৈ ঘৰত মাছ-মাংস থাকিলে বা আলহী-অতিথিৰ ঘৰত গ’লে খাওঁতে খাওঁতে কেতিয়া ইয়াৰ পৰিমাণ বাঢ়ি যায়, গমকে পোৱা নাযায়৷ তাৰ পাছতেই আৰম্ভ হয় পেট টানি ধৰা সমস্যা৷ এনেদৰে অতিৰিক্ত খাদ্য খাই দিয়াৰ পাছত পেট ফুলি অহাৰ দৰে লাগে আৰু যথেষ্ট অস্বস্তি পোৱা যায়৷ সেয়েহে এনেধৰণৰ সমস্যা নহ’বলৈ সতৰ্ক হোৱা উচিত৷ ভাল লাগিল বুলিয়েই অধিক খাদ্য খাই দিয়াটো উচিত নহয় আৰু যদি অধিক খাদ্য খাই পেলালে, তেন্তে এই অস্বস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান টিপছ জানি লওক৷

(১) অধিক খাদ্য খাই দিয়াৰ পাছত বহি নাথাকিব৷ খাই উঠি অলপ খোজ কাঢ়িলে খাদ্যবস্তু সহজে হজম হয়৷

Slow walking speed in elderly may signal dementia risk - The Statesman


(২) খাদ্য খাই উঠি যদি পেট টানি ধৰিছে, তেন্তে অলপ গৰম পানী খাব পাৰে৷ পেট টানি ধৰিলে কেতিয়াও ঠাণ্ডা পানী নাখাব৷ ই হজম শক্তি ব্যাহত কৰিব পাৰে৷

Does drinking warm water in summer help? | Lifestyle News,The Indian Express


(৩) গৰম পানীৰ লগত নেমু অথবা তিয়ঁহ খাব পাৰে৷ ই দূষিত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে৷ ফলত পেট টানি ধৰা সমস্যা যথেষ্ট কমিব পাৰে৷

Lemon Cucumber Detox Water Recipe - Optimistic Mommy


(8) অতিৰিক্ত খাদ্য খোৱাৰ পাছত খুব বেছি গা বেয়া লাগিলে একো কাম নকৰি অলপ জিৰণি ল’ব লাগে৷ কিন্তু শুই দিয়াৰ ভুল কেতিয়াও নকৰিব৷ ইয়াৰ ফলত হজম ঠিকমতে নহয়৷

Rest After Eating - Joyful Belly School of Ayurveda


(৫) অতিৰিক্ত খাদ্য খাই দিয়াৰ ফলত টেঙা দৈ খাব পাৰে৷ অৱশ্যে ই দুপৰীয়াৰ ক্ষেত্ৰতহে প্ৰযোজ্য৷ ৰাতি দৈ খোৱা উচিত নহয়৷

Onion, Mango And Other Food Items That You Should Stop Eating With Curd


(৬) পেট টানি ধৰা সমস্যাত অলপ গৰম চাহ বা কফি খাব পাৰে৷ ই হজম প্ৰক্ৰিয়া সোনকালে কৰি পেট টানি ধৰা সমস্যা নিৰ্মূল কৰে৷ অৱশ্যে চাহ বা কফিত চেনি দিয়া উচিত নহয়৷

A Guide to Different Types of Tea | Food & Wine

LEAVE A REPLY

Please enter your comment!
Please enter your name here