বৃহস্পতিৰ কক্ষপথত ১২টানতুন উপগ্ৰহ আৱিষ্কাৰ

0
390

আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিক প্ৰদক্ষিণ কৰা ১২ টা নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে৷ জ্যোতিৰ্বিজ্ঞানীসকলে বৃহস্পতিৰ কক্ষপথত এই গ্ৰহকেইটা প্ৰদক্ষিণ কৰাটো নিশ্চিত কৰে৷ এই নতুন উপগ্ৰহ আৱিষ্কাৰ হোৱাৰ পাছত বৃহস্পতি সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ হিচাপে চিহ্নিত হ’ল৷ ইয়াৰ আগেয়ে ৮৩টা উপগ্ৰহৰে সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ আছিল শনি৷ বৃহস্পতিৰ এই নতুন উপগ্ৰহসমূহ আৱিষ্কাৰ হোৱাৰ পাছত বৃহস্পতিৰ কক্ষপথত ঘূৰি থকা উপগ্ৰহৰ সংখ্যা হ’ল ৯২ টা৷ উল্লেখ্য যে ৱাশ্বিংটনৰ কানেৰ্গি ইনষ্টিটিউট ফৰ ছায়েঞ্চৰ  জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে বৃহস্পতিৰ কক্ষপথত এই নতুন ১২ টা উপগ্ৰহ আৱিষ্কাৰ কৰে৷ জ্যোতিৰ্বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এই উপগ্ৰহসমূহৰ স্থান হৈছে জোভিয়ান জগত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here